ৰাজ্যৰ সমাজ কল্যাণ বিভাগৰ সামাজিক ন্যায় আৰু সবলীকৰণ সঞ্চালকালয়ৰ উদ্যোগত কামৰূপ জিলাত নিচামুক্ত অভিযানৰ অধীনত প্ৰশিক্ষণ প্ৰদান

ৰাজ্যৰ সমাজ কল্যাণ বিভাগৰ সামাজিক ন্যায় আৰু সবলীকৰণ সঞ্চালকালয়ৰ উদ্যোগত তথা বেচৰকাৰী সামাজিক অনুষ্ঠান কোছেডাৰ সহযোগত আজি কামৰূপ জিলাত নিচামুক্ত অভিযানৰ অধীনত প্ৰশিক্ষণ প্ৰদান কাৰ্যসূচী অনুষ্ঠিত হয়। জিলাখনৰ ৯১গৰাকী স্বেচ্ছাসেৱকৰ লগতে কামৰূপ মহানগৰ, দৰং, গোৱালপাৰা আৰু নলবাৰী জিলাৰ ৪ শতাধিক স্বেচ্ছাসেৱকক নিচামুক্ত অভিযানৰ অধীনত বিশেষ প্রশিক্ষণ দিয়া হয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক ভৱনত অনুষ্ঠিত এই কাৰ্যসূচীত ডাঃ অংশুমান কলিতা আৰু ডাঃ সন্দীপ হান্সে অংশগ্রহণ কৰে। তেওঁলোকে মাদক দ্ৰৱ্যই সমাজত পেলোৱা বিৰূপ প্ৰভাৱ সম্পৰ্কে প্ৰশিক্ষণকাৰীসকলক অৱগত কৰায়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।