ৰাজ্যৰ সমাগত বিধানসভা নিৰ্বাচনক লৈ আলোচনাৰ বাবে আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত লোকসেৱা ভৱনত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ’ব।

সন্ধ্যা ৭ বজাত হ’বলগীয়া এই বৈঠকত বিজেপিৰ সকলো মন্ত্ৰী-বিধায়ক আৰু সাংসদ উপস্থিত থাকিব। বৈঠকত বিধানসভা নিৰ্বাচনৰ দলীয় কৌশল সন্দৰ্ভত আলোচনা কৰা হ’ব।