ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

March 29, 2024 9:43 PM | Petrol

printer

ৰাজ্যৰ সকলো পেট্র’ল ডিপো ৪৮ ঘণ্টাৰ বাবে বন্ধ ঘোষণা নর্থ-ইষ্ট ইণ্ডিয়া পেট্রলিয়াম ডিলাৰ্ছ এছ’চিয়েছনৰ

নর্থ-ইষ্ট ইণ্ডিয়া পেট্রলিয়াম ডিলাৰ্ছ এছ’চিয়েছনে কাইলৈ পুৱা ৫ বজাৰ পৰা ১ এপ্ৰিলৰ পুৱা ৫ বজালৈকে ৰাজ্যৰ সকলো পেট্র’ল ডিপো বন্ধৰ কথা ঘোষণা কৰিছে। দীৰ্ঘদিনীয়া দাবী পূৰণ নোহোৱাৰ প্ৰতিবাদত সংস্থাটোৱে ৪৮ ঘণ্টীয়া পেট্ৰ’ল ডিপো বন্ধৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। সংস্থাটোৰ প্ৰতিবাদী কাৰ্যসূচীৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ সচিবে সকলো জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকলৈ বিশেষ নির্দেশনা প্ৰেৰণ কৰিছে। গ্রাহকে যাতে কোনো অসুবিধা নোহোৱাকৈ পেট্র’ল আৰু পেট্র’লজাতীয় সামগ্রী ক্রয় কৰিব পাৰে তাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ প্রদান কৰিছে।