ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ৰাজ্যৰ যোগ্য সমবায় সমিতিসমূহৰ আৰ্থিক সাহায্যৰ আবেদন দাখিলৰ সময়সীমা অহা ২০ ডিচেম্বৰ

২০২৪-২৫ বৰ্ষৰ বাবে ৰাজ্যৰ যোগ্য সমবায় সমিতিসমূহৰ আৰ্থিক সাহায্যৰ আবেদন দাখিলৰ সময়সীমা অহা ২০ ডিচেম্বৰত উকলি যাব। হিতাধিকাৰী অসম সমবায় সমিতি আইন ২০০৭ৰ অধীনত পঞ্জীয়নভুক্ত সমবায় সমিতিসমূহে ইয়াৰ বাবে আবেদন কৰিব পাৰিব। সমবায় সমিতিসমূহৰ ২০২১-২২, ২০২২-২৩ আৰু ২০২৩-২৪ বিত্তীয় বৰ্ষৰ যথা বিধি পৰীক্ষণ হোৱাটো বাঞ্চনীয়। তদুপৰি বিগত ৩ বছৰ ধৰি নিয়মিতভাৱে বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত কৰা সমিতিসমূহকহে এই সাহায্যৰ বাবে যোগ্য বিবেচনা কৰা হ’ব। সাধাৰণ ক্ষেত্ৰৰ সমবায় সমিতিসমূহৰ লগতে ৰাজ্যিক পৰ্যায়ৰ যোগ্য সমবায় সমিতিসমূহে www.farcs.assam.gov.inৰ জৰিয়তে এই আর্থিক সাহায্যৰ বাবে অনলাইন আবেদন কৰিব পাৰিব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।