ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ৰাজ্যৰ মহাবিদ্যালয় সমূহৰ স্নাতক পাঠ্যক্ৰমত দক্ষতা বিকাশৰ শিক্ষা অন্তৰ্ভুক্ত কৰাৰ বাবে ৰাজ্য চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছেঃ ৰণোজ পেগু

ৰাজ্যৰ মহাবিদ্যালয় সমূহৰ স্নাতক পাঠ্যক্ৰমত দক্ষতা বিকাশৰ শিক্ষা অন্তৰ্ভুক্ত কৰাৰ বাবে ৰাজ্য চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে প্ৰকাশ কৰে। কোকৰাঝাৰ বালিকা মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভাত আজি মুখ্য অতিথি হিচাপে উপস্থিত থাকি দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে, চলিত শিক্ষা বৰ্ষৰ পৰা ৰাজ্যৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহত সকলো ধৰণৰ দক্ষতা বিকাশৰ পাঠ্যক্ৰম প্ৰৱৰ্তনৰ বিষয়ে উল্লেখ কৰে। তেওঁ লগতে নিজৰ দক্ষতা বিকাশ কৰি জীৱন কৌশল আয়ত্ব কৰিবলৈ আহ্বান জনায়। এই অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে মহাবিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নীত কৰাৰ বাবে ভৈয়াম জনজাতি কল্যাণ বিভাগৰ অধীনত পুঁজি আৱণ্টন দিয়া হ’ব বুলি উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে পাছত কোকৰাঝাৰৰ বিনেশ্বৰ ব্ৰহ্ম অভিযান্ত্ৰিক মহাবিদ্যালয় পৰিদৰ্শন কৰে। তেওঁ বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়োৰ উপস্থিতিত শিক্ষা বিভাগৰ বিষয়ববীয়াৰ সৈতে পর্যালোচনা বৈঠকত মিলিত হয়।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।