ৰাজ্যৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত পৰ্যায়ক্রমে গ্ৰন্থমেলাৰ আয়োজনৰ সিদ্ধান্ত

অসম প্ৰকাশন পৰিষদে উচ্চ শিক্ষা গ্ৰহণ কৰি থকা ছাত্ৰ-ছাত্ৰীসকলক গ্ৰন্থ অধ্যয়নৰ বাবে উৎসাহিত কৰিবলৈ ৰাজ্যৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহত পৰ্যায়ক্রমে গ্ৰন্থমেলাৰ আয়োজন কৰাৰ সিদ্ধান্ত লৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰামৰ্শ মৰ্মে তথা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ নেতৃত্বত ছাত্ৰ-ছাত্ৰীসকলৰ বৌদ্ধিক বিকাশৰ লক্ষ্যৰে পৰিষদে এই পদক্ষেপ লৈছে। এই সন্দৰ্ভত পৰিষদৰ সচিব প্ৰমোদ কলিতাই প্রকাশ কৰা মতে এইলানি গ্রন্থমেলাৰ ভিতৰত প্ৰথমখন গ্ৰন্থমেলা বৰপেটা মহাবিদ্যালয়ত অনুষ্ঠিত হ’ব। মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° বিৰিঞ্চি কুমাৰ দাসৰ আমন্ত্ৰণ মৰ্মে অহা ২৭ৰ পৰা ২৯ আগষ্টলৈ এই গ্রন্থমেলা অনুষ্ঠিত হ’ব। গ্ৰন্থমেলাৰ সৈতে সংগতি ৰাখি ২৭ আগষ্টত বৰপেটা মহাবিদ্যালয় চৌহদত উদ্বোধনী অনুষ্ঠান আৰু সাহিত্য আলচৰ আয়োজন কৰা হৈছে।