অহা ১৩ ডিচেম্বৰত দেশজুৰি হ’বলগীয়া ৰাষ্ট্ৰীয় লোক আদালতৰ সৈতে সংগতি ৰাখি ৰাজ্যৰ ভিন্ন প্ৰান্ততো লোক আদালতৰ বাবে প্রস্তুতি চলিছে। লখিমপুৰ জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত লখিমপুৰ জিলা আৰু ঢকুৱাখনা মহকুমা আদালতত ১৩ ডিচেম্বৰত ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হ’ব। লখিমপুৰ আইন সেৱা প্ৰাধিকৰণৰ সচিবে বিভিন্ন ধৰণৰ গোচৰ যেনে বিত্তীয় লেন-দেন সংক্রান্তিয় গোচৰ, শ্রম বিবাদ, বেংকৰ ঋণ অনাদায়, বিদ্যুৎ, পানী যোগানৰ বিল সংক্রান্তিয় গোচৰ মীমাংসা যোগে হ’বলগীয়া ফৌজদাৰী আৰু দেৱানী গোচৰ আৰু অন্যান্য গোচৰৰ বিবাদৰ সৈতে জড়িতসকলক দিনৰ ১০ বজাত ন্যায়িক আৰু মহকুমাৰ ন্যায়িক আদালতত উপস্থিত থাকিবলৈ অনুৰোধ জনাইছে।
একেদৰে নগাঁও জিলা আদালত প্ৰাংগণতো ১৩ ডিচেম্বৰত দিনৰ ১০ বজাৰ পৰা নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ অধীনত ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন কৰা হৈছে।
Site Admin | December 8, 2025 7:58 PM | Lok Adalat
ৰাজ্যৰ ভিন্ন প্ৰান্তত লোক আদালতৰ বাবে প্রস্তুতি অব্যাহত