ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ৰাজ্যৰ ভিন্ন প্ৰান্তত যোৱানিশা হোৱা ধুমুহা, বৰষুণ আৰু বজ্ৰপাতত বিস্তৰ ক্ষতি

ৰাজ্যৰ ভিন্ন প্ৰান্তত যোৱানিশা হোৱা ধুমুহা, বৰষুণ আৰু বজ্ৰপাতত কেইবাটাও পৰিয়াল গৃহহীন হোৱাৰ লগতে ব্যৱসায়িক প্ৰতিষ্ঠান আৰু ৰাজহুৱা সা-সম্পত্তিৰ বিস্তৰ ক্ষতি হৈছে। ধুমুহাৰ ফলত ঠায়ে ঠায়ে প্রকাণ্ড গছ বাগৰি পৰাত বিদ্যুৎ সেৱা আৰু যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰিছে। নলবাৰীৰ বাঁহজানীৰ দৌকুছিত কালি নিশাৰ ভাগত অহা ধুমুহাৰ ফলত গছৰ ডাল ভাঙি বিদ্যুৎ পৰিবাহী খুঁটা উভালি পৰাত বিদ্যুৎ সেৱা ব্যাহত হৈ পৰে। আনহাতে, পশ্চিম নলবাৰীৰ কেইবাঠাইতো গছ উভালি পৰাৰ ফলত স্কুল বাছ, ব্যক্তিগত বাহন আদি ক্ষতিগ্ৰস্ত হোৱাৰ লগতে যাতায়াত ব্যৱস্থাতো ব্যাঘাত জন্মিছে। হাটশিঙিমাৰী-মানকাচৰৰ ৰাজপথতো গছ উভালি যাতায়াত ব্যাহত হৈ পৰিছে। ইপিনে, ৰাজ্যৰ প্ৰায়বোৰ অঞ্চলতে অহা ২-৩ দিনলৈ বৃষ্টিপাত অব্যাহত থাকিব বুলি গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে। আনহাতে, অহা ৫ জুনৰ ভিতৰত অসম তথা উত্তৰ-পূৰ্বাঞ্চললৈ মৌচুমীৰ আগমন ঘটিব বুলি ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আগজাননী দিছে। এইবাৰৰ বাৰিষাত ৰাজস্থানকে ধৰি দেশৰ ২৩ খন ৰাজ্যত বৰষুণৰ পৰিমাণ স্বাভাৱিক হ’ব বুলি পূর্বানুমান কৰিলেও ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসম তথা উত্তৰ- পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত পৰ্যাপ্ত বৰষুণ নোহোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে।