ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

November 3, 2025 6:53 PM | Bhupen hazarika

printer

ৰাজ্যৰ ভিন্ন প্ৰান্তত ড° ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যুবার্ষিকী উপলক্ষে অনুষ্ঠানৰ আয়োজন

ড° ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যুবার্ষিকী উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত কামৰূপ মহানগৰ জিলা প্ৰশাসনে পৰহিলৈ এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে। জালুকবাৰীৰ ড° ভূপেন হাজৰিকা সমন্বয় তীৰ্থত পুৱা ৯ বজাত আৰু লতাশিল খেল পথাৰত দিনৰ ১১ বজাত সুধাকণ্ঠৰ সাংস্কৃতিক অৱদান সুঁৱৰি বিশেষ কাৰ্যসূচী অনুষ্ঠিত হ’ব। ৰাজ্যৰ বিভিন্ন ঠাইতো পৰহিলৈ ড° ভূপেন হাজৰিকাৰ মৃত্যু বার্ষিকী উপলক্ষে ভিন ভিন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। বৰপেটা জিলাত সুধাকণ্ঠৰ মৃত্যু দিন উপলক্ষে ৫ হাজাৰ শিল্পীয়ে মানুহে মানুহৰ বাবে গীতটি পৰিৱেশন কৰিব। আজি জিলা আয়ুক্তৰ কাৰ্যালয়ত আয়োজিত সংবাদমেলত জিলাখনৰ আয়ুক্ত ৰোহন কুমাৰ ঝাই এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে বৰপেটা পৌৰসভাৰ খেলপথাৰত দিনৰ ১১ বজাত সুধাকণ্ঠলৈ শ্রদ্ধাঞ্জলি নিবেদনেৰে কাৰ্যসূচী আৰম্ভ হ’ব। অনুষ্ঠানত ৩৪ খন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীয়ে অংশ ল’ব৷

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।