ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰ্যালয়ৰ নিৰ্দেশ অনুযায়ী ৰাজ্যৰ ভিন্ন প্ৰান্তত আয়োজন কৰা লৌহ মানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০ সংখ্যক জয়ন্তীৰ একতাৰ পদযাত্ৰাৰ আজি সামৰণি পৰে। শোণিতপুৰ জিলা প্ৰশাসন আৰু মোৰ ভাৰত শোণিতপুৰৰ যৌথ উদ্যোগত তেজপুৰত অনুষ্ঠিত একতাৰ পদযাত্ৰাত জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে মুখ্য অতিথি হিচাপে থাকি পদযাত্ৰা মুকলি কৰে।
ধেমাজি জিলা প্ৰশাসনৰ উদ্যোগত চিলাপথাৰৰ চিলা জনজাতি উচ্চতৰ মাধ্যমিক খেলপথাৰত একতাৰ পদযাত্রা অনুষ্ঠিত হয়। কার্যসূচীত লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা, ধেমাজি জিলা আয়ুক্ত ৰাহুল সুৰেশ জাভিৰ উপস্থিতিত অঞ্চলটোৰ কেইবাখনো শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে।
যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত মৰিয়নিত থকা বাপুজী ষ্টেডিয়ামৰ পৰা পদযাত্ৰা উলিওৱা হয়। পদযাত্ৰাৰ লগতে ৰাষ্ট্ৰীয় একতা দিৱসৰ সৈতে সংগতি ৰাখি গছপুৰি ৰোপণ, বিভিন্ন শিক্ষানুষ্ঠানত তৰ্ক, ৰচনা আদি প্ৰতিযোগিতাৰ আয়োজন কৰা হয় ।