ৰাজ্যৰ ভাৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্রধান হিচাপে ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া হৰমিত সিঙে আজি দায়িত্বভাৰ গ্ৰহণ কৰে। গুৱাহাটীৰ উলুবাৰীত থকা অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত হৰমিত সিঙে জি পি সিঙৰ পৰা দায়িত্ব গ্ৰহণ কৰে। পূৰ্বৰ আৰক্ষী সঞ্চালক প্রধান জ্ঞানেন্দ্র প্রতাপ সিঙক কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ সঞ্চালক প্ৰধান হিচাপে নিযুক্তি দিয়াৰ পৰিপ্ৰেক্ষিতত হৰমিত সিঙক ভাৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধানৰ দায়িত্ব দিয়া হৈছে। আৰক্ষী সঞ্চালক প্ৰধান হিচাপে জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙৰ কাৰ্যকালৰ অন্তিমটো দিনত আজি চতুর্থ অসম আৰক্ষী বাহিনীৰ পেৰেড গ্রাউণ্ডত বিদায় অভিবাদন জনোৱা হয়। আৰক্ষীৰ শীৰ্ষ বিষয়াগৰাকীৰ বিদায় অভিবাদন পেৰেডত আৰক্ষীৰ আঠটা প্লেটুনে অংশগ্রহণ কৰে। অনুষ্ঠানত ৰাজ্যৰ প্ৰতিখন জিলাৰ আৰক্ষী অধীক্ষকো উপস্থিত থাকে। এই অনুষ্ঠানত বিদায়ী আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে অসম আৰক্ষীৰ প্ৰতিজন বিষয়া জোৱানকে আৰক্ষী হোৱাৰ পূৰ্বে সদায় এজন ভাল মানুহ হিচাপে কাম কৰাৰ আহ্বান জনায়। লগতে ভাৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্রধান হৰমিত সিঙক শুভকামনা জনায়। অসম এৰাৰ পূৰ্বে বিদায়ী আৰক্ষী সঞ্চালক প্রধানগৰাকীয়ে কামাখ্যা মন্দিৰ দৰ্শন কৰে। আৰক্ষী সঞ্চালক প্ৰধানগৰাকীৰ কাৰ্যকালৰ অন্তিম দিনটোত পুৱা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ বাসগৃহলৈ গৈ বিদায় জনোৱাৰ লগতে নতুন দায়িত্বৰ বাবে শুভকামনা জনায়। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই অসম আৰক্ষীৰ বিদায়ী সঞ্চালক প্ৰধান জি পি সিঙক কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ সঞ্চালকপ্ৰধানৰ দায়িত্বভাৰ গ্ৰহণৰ পূৰ্বে কালি আনুষ্ঠানিকভাৱে বিদায় জনায়। শ্রী আচার্যই সঞ্চালক প্রধানগৰাকীক নতুন দায়িত্ব নিৰ্বাহৰ পূৰ্বে অভিনন্দন জ্ঞাপন কৰে। ৰাজভৱনত কালি আয়োজিত অনুষ্ঠানত কেইবাগৰাকীও শীর্ষ বিষয়া উপস্থিত আছিল।
Site Admin | January 29, 2025 8:29 PM | Assam New DGP
ৰাজ্যৰ ভাৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্রধান হিচাপে ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া হৰমিত সিঙৰ দায়িত্ব গ্ৰহণ