ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ৰাজ্যৰ বিভিন্ন স্থানত সোমবাৰৰ পৰা পঞ্চায়ত গঠনৰ বাবে আনুষ্ঠানিকতা আৰম্ভ

■ ৰাজ্যত যোৱা ১১ মে’ত পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণা হৈ যোৱাৰ পাছত শেহতীয়াকৈ পঞ্চায়তসমূহৰ গঠন প্ৰক্ৰিয়া আৰম্ভ হৈছে। ৰাজ্যৰ বিভিন্ন স্থানত কালিৰেপৰা পঞ্চায়ত গঠনৰ বাবে আনুষ্ঠানিকতা আৰম্ভ কৰা হৈছে। এইবাৰ পঞ্চায়ত গঠনৰ নিয়ম অনুসৰি সভাপতিগৰাকীক প্রত্যক্ষভাৱে নিৰ্বাচিত কৰাৰ পৰিৱৰ্তে নিৰ্বাচিত পঞ্চায়তৰ সদস্যসকলৰ জৰিয়তে মনোনীত কৰাৰ ব্যৱস্থা কৰা হৈছে। ধেমাজি বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰদলনি উন্নয়ন খণ্ড আৰু ধেমাজি উন্নয়ন খণ্ডৰ ১১ খন গাঁও পঞ্চায়ত কালি গঠন কৰা হয়। নৱনিৰ্বাচিত পঞ্চায়ত সভাপতিসকলে কালি আনুষ্ঠানিকভাৱে শপত গ্রহণ কৰে । শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে সমষ্টিটোৰ নতুনকৈ গঠন হোৱা পঞ্চায়তসমূহৰ প্ৰতিনিধিসমূহক শুভেচ্ছা জনোৱাৰ লগতে জনকল্যাণ আৰু উন্নয়নৰ হকে ঐক্যবদ্ধভাৱে কাম কৰিবলৈ আহ্বান জনাইছে। বজালীৰ ৬ নম্বৰ ওদালগুৰিৰ গাঁও পঞ্চায়তৰ নিৰ্বাচিত ১০ গৰাকী সদস্যই ভোটদানৰ জৰিয়তে জোনমণি মেধিক সভাপতিৰ বাবে নিৰ্বাচিত কৰিছে। পঞ্চায়তখনৰ উপ-সভাপতি হিচাপে জুমি তালুকদাৰক নিৰ্বাচিত কৰা হৈছে। ৰাজ্যৰ আন আন পঞ্চায়তসমূহতো সভাপতি নির্বাচিত কৰি আনুষ্ঠানিকতা সম্পন্ন কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।