ৰাজ্যৰ বিভিন্ন স্থানত কাইলৈৰ পৰা বিভিন্ন কাৰ্যসূচীৰে শ্ৰীশ্রীলক্ষ্মী পূজাৰ আয়োজন কৰা হৈছে।
বজালী জিলাৰ ভোটান্ত সাদেৰীত কাইলৈৰ পৰা ১৪ অক্টোবৰলৈ ৯ দিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে ৮০ সংখ্যক লক্ষ্মী পূজাৰ আয়োজন কৰা হৈছে। এই উপলক্ষে ভোটান্ত সাদেৰী শ্রীশ্রীলক্ষ্মী মন্দিৰ খেলপথাৰ আৰু শ্বহীদ ৰাউটা মদন উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে।
চিৰাং জিলাৰ বিজনীৰ ইতিহাস প্রসিদ্ধ শ্রীশ্রীলক্ষ্মী পূজা আৰু মেলা মহোৎসব কাইলৈৰ পৰা ১৪ দিনীয়া কাৰ্যসূচীৰে ৰজা বিজিত নাৰায়ণ সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ’ব। বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলনভূমি বিজনী চহৰৰ ঐতিহাসিক শ্রীশ্রীলক্ষ্মী পূজা আৰু মেলাখন পৰিচালনাৰ বাবে বিভিন্ন উপসমিতি গঠন কৰা হৈছে। এই মহোৎসৱৰ সময়ছোৱাত বিজনী লক্ষ্মী মন্দিৰ চৌহদ, বিজনী ছোৱালী হাইস্কুল খেলপথাৰ, জিলা ক্রীড়া সন্থাৰ খেলপথাৰ, জাকিৰ হুছেইন হাইস্কুল আৰু বিজনী হলী চাইল্ড স্কুলৰ খেলপথাৰসহ চহৰখনৰ ৰাজহুৱা স্থানসমূহত বিভিন্ন প্রদর্শনী, বাণিজ্য মেলাৰ উপৰি কেইবাটাও ভ্রাম্যমাণ থিয়েটাৰ দলে নাট প্ৰদৰ্শন কৰিব।
শিল্পী জুবিন গাৰ্গলৈ শ্রদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে পূজা কমিটীয়ে ৭ অক্টোবৰত বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছে। কাইলৈ পুৱা পূজা কমিটীৰ সভাপতি ধনঞ্জয় ৰায়ে পতাকা উত্তোলনেৰে কাৰ্যসূচী শুভাৰম্ভ কৰাৰ লগতে সন্ধিয়ালৈ মেলা মহোৎসৱখনিৰ শুভাৰম্ভ কৰিব।