ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 21, 2025 7:25 PM | Police Day

printer

ৰাজ্যৰ বিভিন্ন স্থানত আৰক্ষী স্মৃতি দিৱস পালন

ৰাজ্যৰ বিভিন্ন স্থানত আজি আৰক্ষী স্মৃতি দিৱস পালন কৰা হয়। এই দিৱস উপলক্ষে দেশৰ বাবে প্রাণ আহুতি দিয়া আৰক্ষীলৈ শ্রদ্ধাঞ্জলি জনোৱা হয়। হাটশিঙিমাৰীৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়তো আজি আৰক্ষী স্মৃতি দিৱস পালন কৰা হয়। জিলা আৰক্ষী অধীক্ষক হৰেণ টকব্বীয়ে আৰক্ষীৰ স্মৃতি দিৱস সম্পর্কে আলোকপাত কৰে।

তিনিচুকীয়া আৰক্ষী ছাউনীটো আজি আৰক্ষী স্মৃতি দিৱস পালন কৰা হয়। একেদৰে যোৰহাট আৰক্ষীয়েও স্মৃতি দিবস পালন কৰে। জিলাখনৰ আৰক্ষী অধীক্ষককে ধৰি আৰক্ষী বিষয়া আৰু কৰ্মচাৰীসকলে সাহসী জোৱানসকললৈ শ্রদ্ধা নিবেদন কৰে।

কাছাৰ জিলাৰ আৰক্ষী কার্যালয়তো আজি আৰক্ষী স্মৃতি দিৱস পালন কৰা হয়। অনুষ্ঠানত উপস্থিত থাকি জিলাখনৰ আৰক্ষী অধীক্ষক নোমল মাহাত্তাৰ লগতে অন্যান্য আৰক্ষী বিষয়া আৰু কৰ্মচাৰীসকলে সাহসী জোৱানসকললৈ শ্রদ্ধা জনায়। উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীয়েও মালিগাঁৱত আৰক্ষী স্মৃতি দিৱস পালন কৰে। উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মুখ্য কাৰ্যালয় আৰু বৃহত্তৰ গুৱাহাটী অঞ্চলৰ জ্যেষ্ঠ বিষয়াবৰ্গ, আৰ পি এফৰ বিষয়াবর্গই আনুষ্ঠানিক পোছাক পৰিধান কৰি এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে।