● শীতৰ আলহী হৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বনাঞ্চল, ৰাষ্ট্ৰীয় উদ্যান, অভয়াৰণ্যলৈ পৰিভ্ৰমী পক্ষীৰ আগমন ঘটিছে। বিভিন্ন প্ৰজাতিৰ পক্ষীৰ কলৰৱে নান্দনিক পৰিৱেশৰ সৃষ্টি কৰিছে। সত্ৰ-সংস্কৃতিৰ পীঠস্থান মাজুলীত ব্ৰহ্মপুত্ৰৰ বালিচৰসমূহৰ লগতে বিভিন্ন নৈ আৰু জলাশয়সমূহত নানান প্ৰজাতিৰ চৰাইয়ে পর্যটকসকলক আকৰ্ষণ কৰিছে। মাজুলীৰ চৰাইচোঙত অহা ৭ ডিচেম্বৰৰ পৰা চৰাইচোং মহোৎসৱ উদযাপন কৰা হ’ব।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে দাঁতি কাষৰীয়া গাঁওসমূহৰ বিল, জলাশয় আদিত বিভিন্ন প্ৰজাতিৰ চৰাইয়ে মনোমোহা পৰিৱেশৰ সৃষ্টি কৰিছে। গুৱাহাটী মহানগৰীৰ দীপৰ বিলতো বিভিন্ন প্ৰজাতিৰ পক্ষী দেখা গৈছে। এই দৃশ্যসমূহ প্ৰত্যক্ষ কৰাৰ লগতে প্ৰাকৃতিক পৰিৱেশত একেলগে এসাঁজ খোৱাৰ বাবে বনভোজ দলসমূহৰ এই স্থানসমূহলৈ আগমন হৈছে।
প্রাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ গোৱালপাৰা জিলাৰ ঐতিহাসিক উপদ বিল নামনি অসমৰ অন্যমত পর্যটন স্থলী হিচাপে পৰিগণিত হৈছে। শীতকালৰ লগে লগে উপদ বিলতো নানান চৰাই প্ৰত্যক্ষ কৰিবলৈ পৰ্যটকৰ সংখ্যা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।
পবিতৰা বন্যপ্রাণী উদ্যানত ৰঙাপাখিৰ হাঁহ প্ৰজাতিৰ বিৰল কাকলি হাঁহৰ আগমন ঘটিছে। উদ্যানখনত ভ্ৰমণৰত আৰণ্যক নামৰ বন্যপ্ৰাণী সংগঠনৰ গৱেষক তথা আলোকচিত্ৰকৰ উজ্বল ভূঞাই কালি এই বিৰল চৰাইবিধৰ তিনিটা চৰাইক প্ৰত্যক্ষ কৰে। ইয়াৰে এজনী মাইকী চৰাই আৰু আন দুটা মতা চৰাই বুলি ভূঞাই জানিবলৈ দিছে। উল্লেখযোগ্য যে বছৰৰ এই সময়ছোৱাত উদ্যানখনৰ তামুলীডুবা, হাঁহচৰা আৰু পাগলাডুবা বিলকেইখন শুকাই যায় যদিও উদ্যান কৰ্তৃপক্ষই যোৱা কেইবছৰমান ধৰি চলাই অহা নিৰলস প্ৰচেষ্টাৰ বাবে এইবাৰ এই বিলকেইখনত পানী আছে আৰু সেয়েহে এই বিৰল প্ৰজাতিৰ হাঁহবিধকে ধৰি পৰিভ্ৰমী চৰাইসমূহৰ উদ্যানখনলৈ আগমন ঘটিছে।