জনতাৰ শিল্পী জুবিন গাৰ্গৰ অবৰ্তমানত কাইলৈ শিল্পীগৰাকীৰ অনুৰাগীসকলে তেওঁৰ ওপজা দিন উদযাপন কৰিবলৈ লৈছে। কাইলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটীৰ সৰুসজাই আৰু সোণাপুৰৰ জুবিন ক্ষেত্ৰত এই উপলক্ষে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হ’ব। ৰাজ্যৰ ৫৩ টা স্থানত ৰক্তদান শিবিৰ অনুষ্ঠিত হ’ব বুলি মুখ্যমন্ত্রীয়ে ইতিপূর্বে প্রকাশ কৰিছে। ৰাজ্যিক বিজেপিয়ে কাইলৈ ৰাজ্যৰ ৫৩টা স্থানত ৰক্তদান আৰু তেজৰ গ্ৰুপ চিনাক্ত কৰাৰ বাবে জীৱন সুৰভি নামেৰে শিবিৰৰ আয়োজন কৰিছে। দলৰ ৰাজ্যিক সভাপতি তথা সাংসদ দিলীপ শইকীয়াই কাইলৈ পুৱা ৯ বজাত শিবিৰ মুকলি কৰিব। বিয়লি ২ বজাত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই খানাপাৰা খেলপথাৰত আয়োজিত শিবিৰত ৰক্তদান কৰিব বুলি জানিব পৰা গৈছে।

বিটিআৰ প্ৰশাসনে প্ৰিয় শিল্পীগৰাকীৰ জন্মদিন উপলক্ষে বিস্তৃত কাৰ্যসূচী গ্ৰহণ কৰিছে। এই উপলক্ষে কোকৰাঝাৰ জিলাৰ গৌৰাং নৈৰ পাৰৰ চান্দামাৰীত ৩০ বিঘা ভূমি সামৰি নিৰ্মাণ হ’বলগীয়া জুবিন গাৰ্গ উদ্যানৰ আধাৰশিলা কাইলৈ বিটিআৰৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে স্থাপন কৰিব। ইয়াৰ লগতে গৌৰাং নৈৰ পাৰত বিটিআৰৰ পাঁচখন জিলাৰ প্ৰায় ২৫ হাজাৰ শিল্পী আৰু অনুৰাগীয়ে অসমীয়া আৰু বড়ো ভাষাত মায়াবিনী গীতটি পৰিৱেশন কৰিব। ইয়াৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছে।
কাইলৈ প্ৰিয় শিল্পীগৰাকীৰ কায়িক বিচ্ছেদৰ যন্ত্ৰনা নেওচি ৰাজ্যজুৰি জনসাধাৰণে শিল্পীগৰাকীৰ গীতেৰে তেওঁলৈ শ্ৰদ্ধাঞ্জলি দিব।
গুৱাহাটী মহাবিদ্যালয়ত কাইলৈ মহাবিদ্যালয়খনৰ শিক্ষক গোটৰ উদ্যোগত আৰু ছাত্ৰ একতা সভাৰ সহযোগত জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে বিয়লি ৩ বজাৰ পৰা প্ৰীতিৰ সুবাসে শীৰ্ষক এটা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ উদ্যোগত আৰু কটনীয়ানৰ সহযোগত আজিৰে পৰা শিল্পীগৰাকীৰ ওপজা দিন জুবিন সপ্তাহ হিচাপে পালন কৰা হৈছে। আজি বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰা কার্যসূচীত অভিনেতা যতীন বৰা আৰু সাঁতোৰবিদ এলভিছ আলী হাজৰিকা উপস্থিত থাকে। সদৌ অসম ছাত্ৰ সন্থাইও কাইলৈৰ পৰা তিনিদিনীয়াকৈ জুবিন গাৰ্গৰ ওপজা দিন পালন কৰিব। আজি সংগঠনটোৰ বৰপেটা জিলা সমিতিয়ে ওপজা দিনৰ সৈতে সংগতি ৰাখি ৫৩বিধ গছৰ পুলি ৰোপন কৰে। কাইলৈ শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যুৰ ন্যায়ৰ দাবীৰে সংগঠনটোৱে বৰপেটাত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰিব।