আজি পহিলা ভাদ। অসমীয়া সমাজত পবিত্ৰ মাহ হিচাপে পৰিগণিত ভাদ মাহৰ আৰম্ভণি উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সত্ৰ আৰু নামঘৰসমূহ ভকত-বৈষ্ণৱ আৰু আয়তীসকলৰ হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই শ্ৰীকৃষ্ণৰ জন্মোৎসৱ আৰু মহাপুৰুষ দুজনাৰ পূণ্য তিথি পালন কৰা এই পবিত্ৰ মাহটোত হৰিনামৰ ধ্বনিয়ে আধ্যাত্মিক চিন্তা-চেতনাৰে আমাৰ উজ্জীৱিত কৰি ৰাখে বুলি মন্তব্য কৰে। ড০ শৰ্মাই পহিলা ভাদৰ দিনটোত ৰাজ্যবাসীলৈ শুভেচ্ছা যাঁচি অসমীয়া সমাজৰ শান্তি-সম্প্ৰীতি অক্ষুণ্ণ ৰখাৰ কামনা কৰে। অসমীয়া বৈষ্ণৱ সমাজত বিশেষ তাৎপর্য বহন কৰা এই মাহজুৰি ৰাজ্যৰ সত্ৰ আৰু নামঘৰসমূহত নাম প্ৰসংগ অনুষ্ঠিত হয়। সত্ৰীয়া সংস্কৃতিৰ পীঠস্থান মাজুলীৰ সত্ৰ নামঘৰসমূহ আজি পহিলা ভাদ উপলক্ষে নাম-প্ৰসংগ, বৰগীত, গুণমালা-কীৰ্তন আৰু হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰে। জিলাখনৰ ৩৩ খন সত্ৰ আৰু প্ৰায় তিনি শতাধিক নামঘৰত আজিৰে পৰা মাহজোৰা নামকীৰ্তনৰ আয়োজন কৰা হৈছে। এই সন্দৰ্ভত মাজুলীৰ পৰা আমাৰ সংবাদদাতা বিকাশ শইকীয়াৰ আগত এগৰাকী ভকতে এইদৰে মনৰ ভাৱ ব্যক্ত কৰে।
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমি বটদ্ৰৱা থানতো ভাদ মাহ উপলক্ষে উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে। একেদৰে বৰপেটাৰ কীৰ্তন ঘৰ, যোৰহাট জিলাৰ টীয়কৰ ঐতিহাসিক শ্ৰীশ্ৰীমাধৱদেৱ প্ৰতিষ্ঠিত ঢেকীয়াখোৱা নামঘৰ, মহাপুৰুষ শংকৰদেৱ তিৰোভাৱ ক্ষেত্ৰ কোচবিহাৰৰ মধুপুৰ সত্ৰ, ধুবুৰীৰ ঐতিহ্যমণ্ডিত ৰামৰায়কুটি, মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান নাৰায়ণপুৰৰ লেটেকুপুখুৰীতো আজিৰে পৰা পৱিত্ৰ ভাদ মাহৰ চাৰি প্ৰসংগীয়া নাম আয়োজন কৰা হৈছে। ভাদ মাহ উপলক্ষে ঢেকীয়াখোৱা নামঘৰত অগণন ভক্তক আদৰিবৰ বাবে নামঘৰ পৰিচালনা সমিতি সাজু হৈ উঠিছে। তদুপৰি ভক্তসকলৰ সুবিধাৰ বাবে জিলা প্ৰশাসন আৰু আৰক্ষীৰ লগতে স্বেচ্ছাসেৱীসকলে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে পদ্মশ্ৰী সন্মানেৰে সন্মানিত উদ্ভাৱক উদ্ধৱ ভৰালীয়ে আৱিষ্কাৰ কৰা মাহ প্ৰসাদ ধোৱা এটি বিশেষ যন্ত্ৰ এইবাৰ ঢেকীয়াখোৱা বৰনামঘৰলৈ যশস্বী লোকশিল্পী প্রয়াত ডলী দাসৰ পৰিয়ালে আগবঢ়াইছে।
গুৱাহাটী মহানগৰীৰ শিলপুখুৰী মহিলা নামঘৰ, আমবাৰীৰ গোপাল কৃষ্ণ নামঘৰ, নুনমাটিৰ শংকৰী কৃষ্টি নামঘৰকে ধৰি বিভিন্ন ৰাজহুৱা নামঘৰসমূহতো ভক্তিপ্ৰাণ ৰাইজে ভাদ মাহৰ নাম পৰিৱেশন কৰিছে।
Site Admin | August 18, 2025 9:25 PM | Akashvani News | Local news | Nam Kirtan
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সত্ৰ আৰু নামঘৰসমূহত ভাদ মাহৰ আৰম্ভণি উপলক্ষে ভকত-বৈষ্ণৱ আৰু আয়তীসকলৰ হৰিনামৰ ধ্বনিৰে মুখৰিত
