ৰাজ্যৰ বিভিন্ন প্ৰান্তত শেহতীয়াকৈ হাতী-মানুহৰ সংঘাত বৃদ্ধি পাইছে। গোৱালপাৰা জিলাৰ মৰনৈ আৰক্ষী থানাৰ অন্তৰ্গত ৰাক্ষসিনী সংৰক্ষিত বনাঞ্চলত কালি সন্ধিয়া বনৰীয়া হাতীৰ আক্ৰমণত এজন লোক নিহত হোৱাৰ লগতে আন এজন লোক গুৰুতৰভাৱে আহত হয়। চৰাইদেউ জিলাৰ সোণাৰীৰ থুকুবিলত কালি বনৰীয়া হাতীৰ আক্ৰমণত এগৰাকী মহিলাৰ মৃত্যু হয়। ইপিনে, জিলাখনৰ অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই অহা আন এটা হাতীয়ে নাফুক খেৰবাৰী অঞ্চলতো জনবসতিপূর্ণ অঞ্চলত উপদ্ৰৱ চলায়। বনৰীয়া হাতীটোৰ আক্ৰমণত এজন লোক গুৰুতৰভাৱে আহত হয়।
হাতী-মানুহৰ সংঘাত সন্দৰ্ভত বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে তামুলপুৰ জিলা আয়ুক্ত কাৰ্যালয়ত কালি বন বিভাগৰ বিষয়াসকলৰ সৈতে এখন বৈঠকত ভাগ লয়। বনৰীয়া হাতীয়ে কৃষকৰ খেতি-পথাৰ নষ্ট কৰিলে প্ৰতি বিঘাত ৮ হাজাৰ টকাকৈ ক্ষতিপূৰণ লাভ কৰিব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ লগতে কয়, যে কোনো লোক হাতীৰ আক্ৰমণত নিহত হ’লে তেওঁৰ পৰিয়ালে ৬ লাখ টকা সাহায্য লাভ কৰিব আৰু তাৰ বাবে কোনো পোষ্ট মর্টেম ৰিপৰ্ট বা গাওঁবুঢ়াৰ প্ৰমাণপত্ৰ প্ৰয়োজন নহ’ব।
জিলাখনৰ বন বিভাগৰ বাবে পর্যাপ্ত বাহন, অস্ত্ৰ-শস্ত্ৰকে ধৰি অন্যান্য সামগ্রী যোগান ধৰা হ’ব বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ লগতে কয়, যে হাতী-মানুহৰ সংঘাতৰ ৰোধ কৰাৰ উদ্দেশ্যে মন্ত্ৰীগৰাকীয়ে গজমিত্র নিয়োগ কৰাৰ বাবেও পৰিকল্পনা কৰা হৈছে।
Site Admin | December 13, 2025 12:34 PM | Man-Elephant
ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাতী-মানুহৰ সংঘাত বৃদ্ধি