ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি সশস্ত্র বাহিনীৰ পতাকা দিৱস উদযাপন কৰা হয়। এই উপলক্ষে আজি লোকভৱনত আয়োজিত এটা কাৰ্যসূচীত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই দেশৰ হৈ প্ৰাণ ত্যাগ কৰা বীৰ জোৱানৰ পৰিয়ালক সম্বৰ্দ্ধনা জনোৱাৰ লগতে প্রাক্তন সেনা জোৱানকো সম্বৰ্দ্ধনা জনায়। অনুষ্ঠানত ৰাজ্যৰ মুখ্য সচিব ৰবি কোটাৰ লগতে সশস্ত্র বাহিনীৰ কেইবাগৰাকীও শীৰ্ষ বিষয়া উপস্থিত থাকে। ৰাজ্যপালগৰাকীয়ে এই দিৱসৰ লগত সংগতি ৰাখি এখন কেলেণ্ডাৰো উন্মোচন কৰে। শ্ৰীআচাৰ্যই ইয়াৰ পূর্বে আজি পুৱা কেপ্তেইন যতীন্দ্ৰ চন্দ্ৰ ৰয়ৰ সাতগাঁৱত থকা বাসগৃহলৈ গৈ তেওঁক সম্বৰ্দ্ধনা জনায়। ৰাজ্যপালগৰাকীয়ে ৯২ বছৰীয়া অৱসৰপ্ৰাপ্ত সেনা বিষয়াগৰাকীক ৰাষ্ট্ৰৰ সুৰক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা অনবদ্য অৱদানৰ কাৰণে এই সন্মান জনায়। সশস্ত্র বাহিনীৰ পতাকা দিৱসৰ লগত সংগতি ৰাখি ৰাজ্যৰ অন্যান্য ঠাইত সৈনিক তুঝে চালাম শীৰ্ষক কাৰ্যসূচীৰ অংশ হিচাপে ৯০ বছৰৰ উৰ্ধৰ প্ৰাক্তন সৈনিকসকলক সম্বৰ্ধনা জনোৱা হয়। গোৱালপাৰা জিলাৰ জ্যোতিনগৰৰ বাসিন্দা ৯৪ বছৰীয়া প্রাক্তন সৈনিক দুর্গাবাহাদুৰক আজি এই উপলক্ষে সম্বৰ্ধনা জনোৱা হয়। উল্লেখযোগ্য যে সৈনিকজনে ৬২ চনৰ চীনা যুদ্ধত আৰু ১৯৬৫ চনৰ পাকিস্তান যুদ্ধত অংশগ্ৰহণ কৰি দেশভক্তিৰ অনন্য স্বৰূপৰ উদাহৰণ দাঙি ধৰিছে।
Site Admin | December 7, 2025 6:58 PM | Arms Flag Day | Governor assam
ৰাজ্যৰ বিভিন্ন প্ৰান্তত সশস্ত্র বাহিনীৰ পতাকা দিৱস উদযাপন