November 5, 2025 1:29 PM

printer

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাস মহোৎসৱ আৰম্ভ

ৰাজ্যৰ বিভিন্ন প্ৰান্তত কালিৰে পৰা ৰাস মহোৎসৱৰ আয়োজন কৰা হৈছে। সত্ৰ সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলীৰ কেইবাখনো মঞ্চত কালিৰে পৰা অনুষ্ঠিত ৰাস মহোৎসৱ উপভোগ কৰাৰ বাবে বহু লোকৰ সমাগম হৈছে। জিলাখনৰ উত্তৰ-কমলাবাৰী সত্ৰত ৩৫২ বছৰীয়া পৰম্পৰা অক্ষুণ্ণ ৰাখি ৰাস মহোৎসৱৰ আয়োজন কৰা হৈছে। মহাপুৰুষ শংকৰদেৱৰ অমৰ সৃষ্টি কেলিগোপাল নাটৰ আধাৰত ব্ৰজাৱলী ভাষাত তিনিদিনীয়াকৈ কমলাকান্ত আতা ক্ষেত্ৰত বাস অনুষ্ঠিত হৈছে। এই বাস মহোৎসৱৰ লগত সংগতি ৰাখি মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয় আক উত্তৰ কমলাবাৰী শংকৰদেৱ কৃষ্টি সংঘৰ সহযোগত ‘মাজুলীৰ ৰাস লীলা, পৰম্পৰা, নান্দনিকতা আৰু প্ৰত্যাহ্বান’ শীর্ষক এখন আলোচনাচক্ৰৰ আয়োজন কৰা হৈছে। আউনীআটী, চামগুৰি, বেঙেনাআটীকে ধৰি প্ৰায়বোৰ সত্ৰতে শ্ৰীকৃষ্ণৰ ৰাসলীলা উদযাপন কৰা হৈছে। ৰাসৰ পৰিপ্ৰেক্ষিতত কাইলৈ মাজুলীত স্থানীয় বন্ধৰ দিন ঘোষণা কৰা হৈছে।

নলবাৰীৰ শ্ৰীশ্ৰীহৰি মন্দিৰত আজিৰে পৰা ১৩ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৯২ সংখ্যক ৰাস মহোৎসৱ অনুষ্ঠিত হৈছে। সন্ধিয়া বৰপেটা সত্ৰৰ বুঢ়াসত্ৰাধিকাৰ ড০ বাবুল চন্দ্ৰ দাসে ৰাস মহোৎসৱ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ কথা। কাইলৈ অসম প্ৰকাশন পৰিষদৰ উদ্যোগত গ্ৰন্থমেলাৰ আয়োজন কৰা হৈছে।  

বৰপেটা জিলাৰ বিভিন্ন স্থানতো আজিৰে পৰা ৰাস মহোৎসৱ অনুষ্ঠিত হৈছে। হাউলীৰ ঐতিহ্যমণ্ডিত বাস মহোৎসৱ এইবাৰ ১৫ দিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। বৰপেটা ৰোডত ৯৭ সংখ্যক বাস মহোৎসৱ ১৮ দিনীয়াকৈ অনুষ্ঠিত হৈছে।

মঙলদৈৰ সনাতন ধর্ম সভাৰ উদ্যোগত আজিৰে পৰা ১৩ নৱেম্বৰলৈ ৰাস মহোৎসৱৰ আয়োজন কৰা হৈছে।

একেদৰে চৰাইদেউ জিলাৰ মোহনগাঁও বজাপুখুৰী বৰনামঘৰত আজিৰে পৰা তিনিদিনীয়াকৈ ৰাস মহোৎসৱ অনুষ্ঠিত হৈছে। মহোৎসৱত আজি ভাওনা প্ৰদৰ্শন কৰাৰ লগতে কাইলৈ আৰু পৰহিলৈ মহাৰাস প্ৰদৰ্শন কৰা হ’ব।

শিৱসাগৰ নগৰৰ ঢুলীয়াপাৰত চাৰিদিনীয়াকৈ অনুষ্ঠিত ৰাস মহোৎসৱ কালি মন্ত্ৰী যোগেন মহনে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। কালি ৰাস মহোৎসৱত কৃষ্ণৰ ৰাস লীলাৰ শিশুলীলা খণ্ড পৰিৱেশন কৰা হয়। গোৱালপাৰা জিলাৰ বিভিন্ন ঠাইত কালিৰে পৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰাস মহোৎসৱ অনুষ্ঠিত হৈছে। দুধনৈত ১৫ দিনীয়া কাৰ্যসূচীৰে ৰাস মহোৎসৱৰ আয়োজন কৰা হৈছে। পাঠশালাতো কালিৰে পৰা ১৫ দিনীয়া কাৰ্যসূচীৰে ৰাস মহোৎসৱৰ আয়োজন কৰা হৈছে। ধুবুৰী জিলাৰ বিলাসীপাৰাতো কালিৰে ১৬ দিনীয়া কাৰ্যসূচীৰে ৰাস মহোৎসৱৰ আয়োজন কৰা হৈছে। মহোৎসৱস্থলীত মৃণ্ময় মূৰ্তিৰে শ্ৰীকৃষ্ণৰ বিভিন্ন লীলা জীৱন্ত ৰূপত দাঙি ধৰা হৈছে। দৰং জিলাৰ দীঘিৰপাৰত ১১ দিনীয়াকৈ ৰাসৰ আয়োজন কৰা হৈছে।

বাক্সা জিলাৰ পূব খাগ্ৰাবাৰীৰ ৯২ সংখ্যক ৰাস মহোৎসৱ আজিৰে পৰা সাদিনীয়াকৈ অনুষ্ঠিত হৈছে। বিগত বছৰৰ দৰে এইবাৰো খাগ্ৰাবাৰীৰ ৰাস উদযাপন সমিতিয়ে জীৱন্ত ৰাসলীলাৰ গোপী নাচ প্ৰদৰ্শন, শিশু কৃষ্ণ প্রতিযোগিতা, ৰাধা-কৃষ্ণৰ প্ৰতিযোগিতাৰ আয়োজন কৰিছে। জিলাখনৰ গোলাগাঁও, দীঘলডঙা, বৰ্মা, থমনা, কেশৱ নগৰতো ৰাস মহোৎসৱৰ আয়োজন কৰা হৈছে ।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।