November 2, 2025 7:34 PM | Raash Mahotsav

printer

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাস মহোৎসৱ পালনৰ প্ৰস্তুতি পূর্ণ গতিত

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাস মহোৎসৱ পালনৰ প্ৰস্তুতি পূর্ণ গতিত চলি আছে। সত্ৰ সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলী, লখিমপুৰ, ধেমাজি আৰু নামনি অসমৰ হাউলী, পলাশবাৰী, টিহু, নলবাৰী, পাঠশালা, পাটাছাৰকুছি, তামুলপুৰ, মৰিগাঁৱকে ধৰি বিভিন্ন টাইত ৰাস উৎসৱ অনুষ্ঠিত হ’ব। এই উপলক্ষে নামঘৰ, মন্দিৰ আদিত সন্ধিয়া স্থানীয় বয়োজ্যেষ্ঠ লোক, যুৱক-যুৱতীসকলে ৰাসৰ আখৰা চলাই আছে। একেদৰে নামনি অসমৰ বিভিন্ন স্থানত মৃন্ময় মূৰ্তিৰে ৰাস পালনৰ বাবে মৃৎ শিল্পীসকলে পূৰ্ণ গতিত কাম কৰি আছে।
মাজুলীৰ বিভিন্ন স্থানত পৰহিলৈৰ পৰা ৰাস মহোৎসৱৰ আয়োজন কৰা হৈছে। আউনীআটী সত্ৰত অহা ৬ নৱেম্বৰত ৰাস মহোৎসৱৰ আয়োজন কৰা হৈছে। জিলাখনৰ সত্ৰসমূহৰ লগতে বিভিন্ন স্থানত এইবাৰ মুঠ ৬৫ খন ৰাস অনুষ্ঠিত হ’ব। বহুকেইটা মঞ্চত শিশু ৰাস, মিছিং ভাষাৰ ৰাস, মহিলা শিল্পীৰ দ্বাৰা ৰাস পৰিবেশন কৰা হ’ব । যোৰহাট জিলাৰ ঢেকীয়াজুলি, বামুণপুখুৰী, শিৱসাগৰ জিলাৰ হাফলুটিং, খনামুখ আদি অঞ্চলত ৰাসৰ প্ৰস্তুতি প্রায় সম্পূৰ্ণ হৈ উঠিছে। লখিমপুৰ, ধেমাজি জিলাৰ বিভিন্ন স্থানতো ৰাস উৎসৱৰ প্ৰস্তুতি পূর্ণ গতিত চলি আছে।
অসম মন্ত্রীসভাই ইতিমধ্যে ৰাজ্যৰ ২ হাজাৰ ১৩৫ খন ৰাস সমিতিক এককালীন আর্থিক সাহায্য আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সেই অনুসৰি মাজুলীৰ ৬৭ খন ৰাস সমিতিক ৫০ হাজাৰ টকাকৈ আৰু ৰাজ্যৰ আন আন প্ৰান্তৰ ২ হাজাৰ ৬৮ খন ৰাস সমিতিক ২৫ হাজাৰ টকাকৈ অনুদান আগবঢ়োৱা হ’ব। চৰকাৰে ৰাস সমিতিসমূহক আর্থিক অনুদান আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰাত ৰাস সমিতিসমূহে সন্তোষ প্রকাশ কৰিছে ।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।