November 1, 2025 8:56 PM | rash

printer

ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱৰ আখৰা অব্যাহত

ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ পালন কৰাৰ উদ্দেশ্যে আখৰা পূৰ্ণ গতিত চলি আছে। নামঘৰ, মন্দিৰ আদিত সন্ধিয়া স্থানীয় বয়োজ্যেষ্ঠ লোক, যুৱক-যুৱতীসকলে ৰাসৰ আখৰা চলাই আছে।

 

মাজুলীৰ বিভিন্ন স্থানত অহা ৪ নৱেম্বৰৰ পৰা ৰাস মহোৎসৱৰ আয়োজন কৰা হৈছে। আউনীআটী সত্ৰত অহা ৬ নৱেম্বৰত ৰাস মহোৎসৱৰ আয়োজন কৰা হৈছে। জিলাখনৰ সত্ৰসমূহৰ লগতে বিভিন্ন স্থানত এইবাৰ মুঠ ৬৫ খন ৰাস অনুষ্ঠিত হ’ব। বহুকেইটা মঞ্চত শিশু ৰাস, মিছিং ভাষাৰ ৰাস, মহিলা শিল্পীৰ দ্বাৰা ৰাস পৰিবেশন কৰা হ’ব। যোৰহাট জিলাৰ ঢেকীয়াজুলি, বামুণপুখুৰী, শিৱসাগৰ জিলাৰ হাফলুটিং, খনামুখ আদি অঞ্চলত ৰাসৰ প্ৰস্তুতি প্রায় সম্পূৰ্ণ হৈ উঠিছে। লখিমপুৰ, ধেমাজি জিলাৰ বিভিন্ন স্থানতো ৰাস উৎসৱৰ প্ৰস্তুতি পূৰ্ণ গতিত চলি আছে।

 

নলবাৰী হৰিমন্দিৰ আৰু দামোদৰ ধামসত্ৰ, পাঠশালা, বজালী, টিহু, পাটাছাৰকুছি, শুৱালকুছি, মির্জা, পলাশবাৰী, তামুলপুৰ, বাক্সা, সৰুক্ষেত্ৰী, হাউলী, গুৱাহাটীৰ জাপৰিগোগ, নবীন নগৰ আদি অঞ্চলত ৰাস মহোৎসৱ পালন কৰাৰ বাবে প্ৰস্তুতি চলিছে। নগাঁও আৰু মৰিগাঁও জিলাৰ বিভিন্ন স্থানতো ৰাস মহোৎসৱৰ আয়োজন কৰা হৈছে। অসম মন্ত্রীসভাই ইতিমধ্যে ৰাজ্যৰ ২ হাজাৰ ১৩৫ খন ৰাস সমিতিক এককালীন আর্থিক সাহায্য আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সেই অনুসৰি মাজুলীৰ ৬৭ খন ৰাস সমিতিক ৫০ হাজাৰ টকাকৈ আৰু ৰাজ্যৰ আন আন প্ৰান্তৰ ২ হাজাৰ ৬৮ খন ৰাস সমিতিক ২৫ হাজাৰ টকাকৈ অনুদান আগবঢ়োৱা হ’ব। চৰকাৰে ৰাস সমিতিসমূহক আৰ্থিক অনুদান আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰাত ৰাস সমিতিসমূহে সন্তোষ প্ৰকাশ কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।