October 21, 2025 7:33 PM | Ras Festival

printer

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাস উৎসৱ উদযাপনৰ বাবে প্রস্তুতি অব্যাহত

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাস উৎসৱ উদযাপনৰ বাবে প্রস্তুতি অব্যাহত আছে। নলবাৰীৰ শ্ৰীশ্ৰী হৰি মন্দিৰত অহা ৫ নৱেম্বৰৰ পৰা ১৭ নৱেম্বৰলৈ হ’বলগীয়া ৰাস মহোৎসৱৰ আজি লাইখুঁটা স্থাপন কৰা হয়। এই মহোৎসৱৰ অংশ হিচাপে অহা ৬ নৱেম্বৰত ১০ হাজাৰ শিল্পীয়ে জনতাৰ শিল্পী জুবিন গাৰ্গৰ মায়াবিনী গীতটি পৰিবেশন কৰি শ্রদ্ধা নিবেদন কৰিব। এই মহোৎসৱত জীৱন্ত ৰাস আৰু ভাওনা পৰিবেশন কৰা হ’ব।

তামুলপুৰ জিলা সদৰৰ হৰি মন্দিৰ প্ৰাঙ্গনতো আজি ৬৮ সংখ্যক ৰাস মহোৎসৱৰ লাইখুঁটা স্থাপন কৰা হয়। এই মহোৎসৱত প্রিয় শিল্পী জুবিন গাৰ্গৰ প্রতি শ্রদ্ধাঞ্জলি আৰু সংগীতানুষ্ঠান অনুষ্ঠিত হ’ব।

বাক্সা জিলাৰ নাওকাটাত অহা ৫ নৱেম্বৰৰ পৰা ৯দিনীয়াকৈ পূব ডেফেলি কেন্দ্ৰীয় ৰাস মহোৎসৱ উদযাপন কৰা হ’ব। অনুষ্ঠানত ধর্মীয় কাৰ্যসূচীৰ লগতে অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্রতি শ্রদ্ধা নিবেদন কৰি বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।