কাৰিকৰী বিদ্যাৰ অধিষ্ঠাতা, বিশ্বখনিকৰ শ্রীশ্রীবিশ্বকৰ্মা পূজা আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত পৰম্পৰাগত ৰীতি আৰু উলহ মালহেৰে পালন কৰা হয়। আজি পুৱাৰে পৰা গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন অঞ্চলৰ পূজা মণ্ডপসমূহত বিশ্বখনিকৰক আৰাধনা কৰা হয়। এই পূজাৰ লগে লগে ৰাজ্যখনত শাৰদীয় পূজাৰ পৰিৱেশৰো সূচনা হৈছে। ৰাজ্যৰ বিভিন্ন কল-কাৰখানা, চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠান, কাৰিকৰী প্ৰতিষ্ঠান, ছপাশাল আদিত সমূহীয়াভাৱে পূজাৰ আয়োজন কৰাৰ লগতে ব্যক্তিগত ভাবেও বিশ্বকর্মা পূজা অনুষ্ঠিত হয়। এই উপলক্ষে ৰাজ্যৰ বিভিন্ন স্থানত নাম প্ৰসংগ, সাংস্কৃতিক অনুষ্ঠান আদিও অনুষ্ঠিত হৈছে।
আকাশবাণী গুৱাহাটীৰ চৌহদত আজি পৰম্পৰাগত ৰীতি-নীতিৰে বিশ্বকৰ্মা পূজা পালন কৰা হয়। এই পূজাত কেন্দ্ৰটোৰ বিষয়া-কৰ্মীসকলে বিশ্ব খনিকৰৰ আশীষ গ্ৰহণ কৰে।
গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তত আজি এই পূজা অনুষ্ঠিত হয়। জিলা আয়ুক্ত কার্যালয়, লোকনির্মাণ বিভাগ, জলসিঞ্চন, জলসম্পদ বিভাগৰ লগতে জিলা সাংবাদিক সন্থাইও পূজা পালন কৰে।
ধুবুৰী জিলাত আজি উলহ-মালহেৰে বিশ্বকৰ্মা পূজা অনুষ্ঠিত হয়। জিলাখনৰ বিলাসীপাৰা, গোলকগঞ্জ আৰু গৌৰীপুৰৰ কল-কাৰখানা, ব্যক্তিগত প্রতিষ্ঠান আদিত বৈদিক নিয়মেৰে এই পূজা পালন কৰা হয়।
Site Admin | September 17, 2025 7:00 PM | Akashvani News | Viswakarma
ৰাজ্যৰ বিভিন্ন প্ৰান্তত পৰম্পৰাগত ৰীতি আৰু উলহ মালহেৰে বিশ্বখনিকৰ শ্রীশ্রীবিশ্বকৰ্মা পূজা পালন