ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি বিজেপিৰ বুথসমূহত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত অনুষ্ঠান শুনাৰ ব্যৱস্থা কৰা হয়। মন্ত্ৰী তথা ডিব্ৰুগড়ৰ বিধায়ক প্রশান্ত ফুকনে ডিব্ৰুগড়ৰ ১৫৮ নম্বৰ বুথত দলীয় কৰ্মকৰ্তাসকলৰ সৈতে মন কী বাত শ্ৰৱণ কৰে। শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুৱে ধেমাজিৰ নিমাতীচুক হৰিমন্দিৰ প্ৰাংগণত জনসাধাৰণৰ সৈতে মন কী বাতৰ আজিৰ খণ্ডটো শুনি আপ্লুত হোৱা বুলি প্ৰকাশ কৰে। শ্ৰীমোদীয়ে কাজিৰঙাত তৃণভূমি চৰাইৰ জৰীপত ৪৩টা প্ৰজাতিৰ বিশেষ পক্ষীৰ তথ্য লাভ কৰাৰ বিষয়টো প্ৰকাশ কৰাক লৈ সন্তুষ্টি প্ৰকাশ কৰি ডাঃ পেগুৱে কয়, যে মন কী বাতত বিজ্ঞান, সংস্কৃতি, ইতিহাস, পৰিৱেশ, নাৰী সৱলীকৰণ আদিৰ দিশত পৰিলক্ষিত হোৱা ইতিবাচক বার্তাই সকলোকে অনুপ্ৰাণিত কৰিছে।
শ্রীভূমি চহৰৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত মন কী বাতৰ শ্ৰৱণ কাৰ্যসূচীত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, কৃষ্ণেন্দু পাল, কৌশিক ৰায়, উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
Site Admin | July 27, 2025 8:50 PM | Booth members of Assam BJP | Mann Ki Baat 124th Episode
ৰাজ্যৰ বিভিন্ন প্ৰান্তত দলীয় কৰ্মকৰ্তা তথা মন্ত্ৰী-বিধায়কৰ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাতৰ শ্ৰৱণ কাৰ্যসূচী