ৰাজ্যৰ বিভিন্ন প্ৰান্তত স্বাধীনতা সেনানী ছহিদ কুশল কোঁৱৰৰ স্মৃতিত শ্রদ্ধা নিবেদন

স্বাধীনতা সেনানী ছহিদ কুশল কোঁৱৰৰ স্মৃতি দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্রদ্ধা নিবেদন কৰা হয়। ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনত গোলাঘাট জিলাৰ সৰু পথাৰত ৰে’ল দুৰ্ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত স্বাধীনতা সেনানীগৰাকীক গ্ৰেপ্তাৰ কৰি মৃত্যু দণ্ডৰ হুকুম দিয়া হৈছিল। ১৯৪৩ চনৰ আজিৰ তাৰিখতে কুশল কোঁৱৰক ফাঁচী দিয়া হৈছিল। অহিংস নীতিৰে স্বাধীনতা আন্দোলনত যোগ দিয়া সেনানী গৰাকী গোলাঘাট জিলা কংগ্ৰেছৰ সম্পাদকৰ দায়িত্বও পালন কৰিছিল। আজি স্মৃতি দিৱস উপলক্ষে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই ছহিদ গৰাকীৰ স্মৃতিত শ্রদ্ধা নিবেদন কৰিছে। এটা বার্তাত মুখ্যমন্ত্ৰীয়ে দেশ প্ৰেমৰ অনন্য নিদর্শন দাঙি ধৰি ছহিদ হোৱা এইগৰাকী বীৰ সেনানীৰ মাতৃভূমিৰ প্ৰতি থকা শ্ৰদ্ধা আৰু ভালপোৱাক ৰাজ্য তথা দেশবাসীয়ে সদায় সোঁৱৰণ কৰিব বুলি প্ৰকাশ কৰে। গোলাঘাটত আজি জিলা আয়ুক্তৰ কাৰ্যালয়ত আৰু জিলা পুথিভঁৰালৰ প্ৰাংগণত থকা ছহিদগৰাকীৰ প্ৰতিমূৰ্তিৰ সন্মুখত শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। জিলাখনৰ সৰুপথাৰ ৰাজহুৱা ভৱন চৌহদতো ছহিদগৰাকীৰ ৮২ সংখ্যক স্মৃতি দিৱস পালন কৰা হয়। টাই আহোম যুৱ পৰিষদ, অসম চমুকৈ টাইপাৰ গোলাঘাট জিলা সমিতিয়ে প্ৰথমবাৰৰ বাবে প্ৰৱৰ্তন কৰা ছহিদ কুশল কোঁৱৰ বঁটা ছহিদগৰাকীৰ স্মৃতি দিৱস উপলক্ষে আজি পদ্মশ্ৰী সন্মানেৰে সন্মানিত ড০ যোগেন্দ্র নাথ ফুকনক প্রদান কৰে। গোলাঘাট এমেচাৰ ছ’চাইটিৰ প্ৰেক্ষাগৃহত মন্ত্ৰী অতুল বৰাৰ উপস্থিতিত এই বঁটা প্ৰদান কৰা হয়। অনুষ্ঠানত সাহিত্যিক অজিত বৰুৱাও উপস্থিত থাকে। অনুষ্ঠানত কুশল নামৰ এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয়।
ডিব্ৰুগড়তো আজি ছহিদ কুশল কোঁৱৰৰ স্মৃতিত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। এই উপলক্ষে ছহিদ কুশল কোঁৱৰ স্মৃতিৰক্ষা সমিতিৰ উদ্যোগত ডিব্ৰুগড়ৰ চৌকিডিঙি চাৰিআলিত থকা ছহিদগৰাকীৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰি শ্রদ্ধা নিবেদন কৰা হয়। এই অনুষ্ঠানত ডিব্ৰুগড় পৌৰনিগমৰ মেয়ৰ ডাঃ সৈকত পাত্ৰসহ ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
কামৰূপ মহানগৰ জিলা প্ৰশাসনে আজি ৪২ৰ ছহিদ কুশল কোঁৱৰৰ স্মৃতি দিৱস উপলক্ষে শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে। এই উপলক্ষে গুৱাহাটী মহানগৰীৰ নেহৰু পাৰ্কত আয়োজিত অনুষ্ঠানত বন আৰু পৰিৱেশ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ছহিদৰ প্ৰতিমূৰ্তিত শ্রদ্ধাঞ্জলি নিবেদন কৰে। অনুষ্ঠানৰ অংশ হিচাপে আয়োজিত সর্বধর্ম প্রার্থনা সভাত কস্তুৰবা সেৱাশ্ৰমৰ সেৱিকাসকলে গীতা আৰু উপনিষদ, হাফিজ মৌলানা মুস্তাকিং নাজীৰিয়ে কোৰাণ পাঠ, ভগত সিঙে গ্ৰন্থছাহিব, ক্ষমানন্দ ভিক্ষুৱে ত্রিপিটক আৰু দ্বীপেন বড়োৱে বাইবেল পাঠ কৰে। আজিৰ অনুষ্ঠানত গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।