ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি মহাপুৰুষ মাধৱদেৱৰ ৫৩৬ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ উলহ-মালহেৰে পালন কৰা হয়। এই উপলক্ষে মহাপুৰুষজনাৰ জন্মভূমি লখিমপুৰৰ লেটেকুপুখুৰীত আজি পুৱাৰে পৰা নাম প্রসংগ, ঘোষা কীর্তন, ধর্মালোচনা সভাকে ধৰি বিভিন্ন ধৰ্মীয় কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।
সত্ৰনগৰী মাজুলীতো কমলাবাৰী, বেঙেনাআটী, চামগুৰি ইত্যাদি সত্ৰসমূহত পৰম্পৰাগত সত্ৰীয়া নিয়মত গুৰুজনাৰ আৱিৰ্ভাৱ মহোৎসৱ পালন কৰা হৈছে। যোৰহাট জিলাতো গুৰুজনাই প্ৰতিষ্ঠা কৰা ঢেকীয়াখোৱা বৰনামঘৰত পুৱা ঊষা কীৰ্তন আৰু ভাগৱত যাত্ৰাৰে গুৰুজনাৰ জয়ন্তী কাৰ্যসূচী আৰম্ভ কৰা হয়। ইয়াৰ লগতে বৰনামঘৰ চৌহদত ধর্মালোচনা সভা আৰু নৈমিত্তিক প্ৰসংগৰ আয়োজন কৰা হয়। অঞ্চলটোৰ কৃতি ছাত্ৰ-ছাত্ৰী আৰু বয়োজ্যেষ্ঠ ধর্মপ্রাণ ব্যক্তিসকলকো গুৰুজনাৰ আৱিৰ্ভাৱ মহোৎসৱ উপলক্ষে আয়োজিত সভাত সম্বৰ্ধনা জনোৱা হয় ৷
বিশ্বনাথ জিলাত শংকৰদেৱ সংঘৰ আঞ্চলিক নামঘৰ প্ৰাংগণতো গুৰুজনাৰ জয়ন্তী দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। এই উপলক্ষে নাম প্ৰসংগ, গছপুলি ৰোপণ, ধর্মধবজা উত্তোলন কৰাৰ লগতে হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ১১০ গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়।বৰপেটা জিলাত গুৰুজনাই স্থাপন কৰা সুন্দৰীদিয়া সত্ৰ, বৰপেটা সত্ৰ, বাৰাদি সত্ৰ আদিত আজি পুৱাৰে পৰা মহাপুৰুষজনাৰ জয়ন্তী উপলক্ষে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। বৰপেটা সত্ৰত গুৰুজনাৰ আৱিৰ্ভাৱ মহোৎসৱ উপলক্ষে নিয়মীয়া প্ৰসংগৰ উপৰি গায়ন-বায়ন প্ৰদৰ্শন, ঘোষা কীর্তন, ব্যাস কীর্তন ইত্যাদিৰ লগতে ধর্মালোচনা সভাৰ আয়োজন কৰা হয়।
কামৰূপ জিলাৰ শুৱালকুছিৰ একশৰণ মহাপুৰুষীয়া ধৰ্মালোচনা সভা শ্ৰীশ্ৰীশংকৰদেৱ মন্দিৰ শুৱালকুছিৰ উদ্যোগত কালিৰে পৰা দুদিনীয়াকৈ মহাপুৰুষ মাধৱদেৱৰ জন্মোৎসৱ পালন কৰা হয়। আজি পুৱা ঊষা কীৰ্তন আৰু ধৰ্মীয় পতাকা উত্তোলন কৰাৰ পাছত নৈমিত্তিক প্ৰসংগৰ উপৰি বিশেষ প্ৰসংগ, পাঠ, চৰিত তোলা, সেৱাৰ গীত পৰিৱেশন কৰাৰ লগতে ধর্মালোচনা সভা অনুষ্ঠিত হয়।