ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিজেপিৰ ত্ৰিৰংগ যাত্রা অব্যাহত

ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিজেপিৰ ত্ৰিৰংগ যাত্রা অব্যাহত আছে। গোৱালপাৰা পৌৰসভাৰ উদ্যোগত আজি গোৱালপাৰা মহাবিদ্যালয়ৰ পৰা উলিওৱা ত্ৰিৰংগ যাত্ৰাত জিলাখনৰ প্ৰাক্তন সৈনিকসকলৰ লগতে শতাধিক লোকে অংশগ্রহণ কৰে। বৰপেটা জিলাতো আজি নাগৰিক সমাজৰ উদ্যোগত জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহৰ পৰা ত্ৰিৰংগ যাত্ৰা উলিওৱা হয়। জিলাখনৰ বিভিন্ন প্ৰান্তৰ লোকে এই ত্ৰিৰংগ যাত্ৰাত অংশ লৈ দেশপ্ৰেমমূলক শ্ল’গান আৰু ধবনি দি সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ বীৰ জোৱানসকলৰ পৰাক্ৰমৰ প্ৰতি কৃতজ্ঞতা জনায়। কোকৰাঝাৰ জিলাতো আজি নাগৰিক সমাজে অপাৰেচন সিন্দূৰত সেনাবাহিনীৰ পৰাক্ৰম তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্ণায়ক নেতৃত্বৰ প্ৰতি কৃতজ্ঞতা হিচাপে ত্ৰিৰংগ যাত্ৰা উলিয়ায়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।