ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ৰাজ্যৰ বিভিন্ন প্ৰান্তত শনিবাৰে অহা প্ৰচণ্ড ধুমুহা বৰষুণৰ ফলত বিস্তৰ ক্ষতি

ৰাজ্যৰ বিভিন্ন প্ৰান্তত কালি সন্ধিয়াৰ ভাগত অহা প্ৰচণ্ড ধুমুহা বৰষুণৰ ফলত বিস্তৰ ক্ষতি হোৱাৰ উপৰি নগাঁও জিলাৰ আমচৈত এজন লোকৰ প্রাণহানি হয়। আমচৈৰ নকুচি বাগানত বিদ্যুৎ পৰিবাহী খুটা বাগৰি পৰাৰ ফলত ৰাজেশ্বৰ তাঁতী নামৰ লোকজনৰ মৃত্যু হয়। মৰিগাঁও জিলাব শোলমাৰীত ধুমুহাত গছৰ ডাল ভাগি পৰাব ফলত এজন লোক গুৰুত্বৰভাৱে আহত হয়। গুৱাহাটী মহানগৰীৰ সমীপৱৰ্তী সোণাপুৰ আৰু ডিমৰীয়াৰ কেইবাটাও অঞ্চলত কালি ধুমুহাই ক্ষতি কৰে। ক্ষেত্ৰীৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কেইবাঠাইতো পথৰ কাষৰ গছ বাগৰি পৰাৰ ফলত ভালেমান সময়ধৰি পথ যোগাযোগ ব্যাহত হয়। একেদৰে গোৱালপাৰা চহৰৰ বিভিন্ন প্ৰান্তত ধুমুহাৰ ফলত বিস্তৰ ক্ষয় ক্ষতি হয়। জিলাখনৰ ভালুকডুবি এলেকাৰ গোৱালপাৰা শোলমাৰী পথৰ দাঁতিত থকা কেইবাজোপা গছ ভাগি পৰাত যাতায়ত ব্যৱস্থা ব্যাহত হয়। নলবাৰী জিলাৰ কৈঠালকুছিত কালি ধুমুহা আৰু শিল বৰষুণৰ ফলত বিস্তৰ ক্ষতি হয়৷ গুৱাহাটী মহানগৰীতো কালি সন্ধিয়া হোৱা ধুমুহাৰ ফলত গছ উভালি পৰাত কেইবাখনো বাহনৰ ক্ষতি হোৱাৰ উপৰি বজাৰ, ব্যৱসায়িক, প্রতিষ্ঠান আৰু বাসগৃহৰ ক্ষতি হয়। মহানগৰীৰ বিভিন্ন অঞ্চলত কৃত্রিম বানৰো সৃষ্টি হয়। বৰপেটা জিলাত ধুমুহা বৰষুণৰ ফলত জিলাখনৰ বিভিন্ন অঞ্চলত জনজীৱন ব্যাহত হৈছে। ধুমুহাব ফলত কেইবাঠাইতো পথৰ ওপৰত গছ বাগৰি পৰে। ইয়াৰ ফলত কোনো লোক হতাহত হোৱা নাই যদিও যাতায়াত ব্যৱস্থা ব্যাহত হোৱাৰ উপৰি বিদ্যুৎ যোগানো ব্যাহত হৈছে। ইপিনে, যোৱা দুদিনত বৰপেটা, গোৱালপাৰা আৰু কামৰূপ জিলাৰ সীমামূৰীয়া অঞ্চলৰে বৈ যোৱা জলজলি নৈ কেইবাখনো বাঁহ আৰু কাঠৰ দলং উটুৱাই নিয়াৰ ফলত অঞ্চল সমূহেৰে যাতায়ত ব্যাহত হৈছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।