ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভাষাৰ ওজা, হেমকোষ প্রণেতা হেমচন্দ্ৰ বৰুৱাক সোঁৱৰণ

ভাষাৰ ওজা, হেমকোষ অভিধানৰ প্রণেতা হেমচন্দ্ৰ বৰুৱাৰ স্মৃতি দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। হেমচন্দ্র বৰুৱাৰ ১২৯ সংখ্যক মৃত্যু দিৱসৰ লগত সংগতি ৰাখি আজি গুৱাহাটী বিশ্ববিদ্যালয়ত শ্রদ্ধাঞ্জলি কার্যসূচী অনুষ্ঠিত হয়। অনুষ্ঠানৰ আৰম্ভণিতে বিশ্ববিদ্যালয়ৰ চৌহদত থকা হেমচন্দ্র বৰুৱাৰ প্রতিমূর্তিস্থলীত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ ননীগোপাল মহন্ত আৰু সাদিন প্রতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱাই বন্তি প্ৰজ্বলন কৰে। অনুষ্ঠানত অংশ লৈ বিশিষ্ট ভাষাবিদ তথা গৱেষক উপেন ৰাভা হাকাচাম, বিশ্ববিদ্যালয়খনৰ অসমীয়া বিভাগৰ মুৰববী অধ্যাপক কামালুদ্দিন আহমেদকে ধৰি অন্যান্য ব্যক্তিসকলে ভাষাৰ ওজাগৰাকীয়ে হেমকোষৰ জৰিয়তে অসমীয়া ভাষা সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ কথা সুঁৱৰে। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়।
মৰিগাঁও জিলা সাহিত্য সভাৰ উদ্যোগত সভাৰ কাৰ্যালয়ত আজি এই উপলক্ষে পুৱা অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰা হয়। ইয়াৰ পাছত বন্তি প্ৰজ্বলন, স্মৃতিচাৰণ সভা আদি অনুষ্ঠিত হয়। অনুষ্ঠানত মৰিগাঁও শতদল শাখা সাহিত্য সভাৰ সভাপতিকে প্রমুখ্য কৰি জিলা সাহিত্য সভাৰ আন আন বিষয়ববীয়াসকলে হেমচন্দ্ৰ বৰুৱাৰ বর্ণাঢ্য জীৱন আৰু সোণসেৰীয়া কৰ্মৰাজীৰ সন্দৰ্ভত আলোকপাত কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।