ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্রবল বৃষ্টিপাত আৰু ধুমুহাই বিস্তৰ ক্ষতিসাধন কৰিছে। প্ৰচণ্ড ধুমুহাৰ ফলত ধুবুৰী নগৰৰ বহু অঞ্চলত বিদ্যুৎ সেৱা ব্যাহত হৈ পৰিছে। প্ৰবল বৃষ্টিপাত আৰু ধুমুহাৰ ফলত কেইবাটাও অঞ্চলত গছ-গছনি বাগৰি পৰাত যাতায়াত ব্যৱস্থাও ব্যাহত হৈ পৰিছে। এই বাতৰি যুগুতোৱা পৰলৈ ধুবুৰী নগৰৰ বহু অঞ্চলত বিদ্যুৎ যোগান বন্ধ হৈ আছে। বিদ্যুৎ যোগান ব্যাহত হৈ থকাৰ বাবে ধুবুৰী পৌৰসভাকে ধৰি জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগে বিশুদ্ধ খোৱাপানীৰ যোগান ধৰিব পৰা নাই। ডিব্ৰুগড় জিলাৰ চাবুৱা লাহোৱাল বিধানসভা সমষ্টিৰ অন্তৰ্গত মদাৰখাট মৌজাত অহা প্ৰবল বৃষ্টিপাত আৰু ধুমুহাৰ ফলত বহু ঘৰ, বিদ্যালয়, নামঘৰকে ধৰি বহু সা-সম্পত্তিৰ বিস্তৰ ক্ষতি হৈছে। মদাৰখাটৰ হাতখোলা, হাবিচুক, ৰাঙলিটিং, টিমনা, তামুলবাৰী চাহ বাগিচাত ধুমুহাই ঘৰ-দুৱাৰ ভাঙি পেলোৱাৰ লগতে প্ৰকাণ্ড গছ উভালি পৰে। প্ৰচণ্ড ধুমুহাৰ ফলত খুঁটা বাগৰি বিদ্যুৎ সেৱাও ব্যাহত হৈ পৰিছে। তদুপৰি প্ৰবল বৃষ্টিপাত আৰু ধুমুহাৰ ফলত ৰবি শস্যৰ বিস্তৰ ক্ষতি হয়। গাঁওপ্রধান সকলে ক্ষতিগ্রস্ত অঞ্চলসমূহ পৰিদৰ্শনৰ অন্তত ৰাজহ চক্ৰ বিষয়া তথা জিলা প্ৰশাসনৰ ওচৰত ক্ষয়-ক্ষতিৰ পৰিমাণ দাখিল কৰিছে।
Site Admin | April 27, 2025 8:53 PM | Assam Weather
ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্রবল বৃষ্টিপাত আৰু ধুমুহাৰ ফলত বিস্তৰ ক্ষতিসাধন
