ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধুমুহা বৰষুণৰ ফলত ব্যাপক ক্ষতি

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি পুৱতি নিশা অহা ধুমুহা বৰষুণৰ ফলত ব্যাপক ক্ষতি হয়। ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তত বৰষুণৰ ফলত ঠায়ে ঠায়ে কৃত্রিম বানৰ সৃষ্টি হোৱাৰ বাবে জনজীৱন ব্যাহত হয়। ধুমুহাৰ ফলত কালি ডিব্ৰুগড় অভিমুখী বিবেক এক্সপ্ৰেছ ৰে’লগাড়ীখনৰ সন্মুখত এজোপা প্রকাণ্ড গছ বাগৰি পৰে যদিও সম্ভাব্য বিপদৰ পৰা ৰেলযাত্ৰীসকল ৰক্ষা পৰে ৷ ওদালগুৰি জিলাৰ বিভিন্ন অঞ্চলত ধুমুহাৰ ফলত বিস্তৰ ক্ষতি হৈছে। জিলাখনৰ ৰৌতাত আমিনপাৰা, সিধাখোৱাকে ধৰি কেইবাটাও স্থানত ধুমুহাই বাসগৃহ, ব্যৱসায়িক প্রতিষ্ঠান আদি ক্ষতি কৰে। তদুপৰি ধুমুহাত ঘৰ ভাগি পৰাৰ ফলত কেইবাজনো লোক আহত হয়। ধাৰাষাৰ বৰষুণ আৰু ধুমুহৰ ফলত অঞ্চলটোৰ কৃষকসকলৰ খেতি বাতিও নষ্ট হয়। ইপিনে বিদ্যুতৰ তাৰ চিগি যোৱাৰ ফলত বিভিন্ন অঞ্চলত বিদ্যুৎ সংযোগ ব্যাহত হৈ আছে। বৰপেটা চহৰত আজি পুৱতি নিশা অহা এজাক ধুমুহা বৰষুণৰ ফলত পথৰ দাঁতিৰ গছ উভালি পৰি কেইবাটাও পথেৰে যাতায়ত ব্যাহত হয়। তদুপৰি বিদ্যুৎ পৰিবাহী খুটা উভালি পৰাৰ ফলত কেইবাটাও অঞ্চলৰ বিদ্যুৎ সেৱা ব্যাহত হয়।