ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভাষাৰ ওজা, হেমকোষ অভিধানৰ প্ৰণেতা হেমচন্দ্ৰ বৰুৱাৰ স্মৃতি দিৱস পালন

ভাষাৰ ওজা, হেমকোষ অভিধানৰ প্ৰণেতা হেমচন্দ্ৰ বৰুৱাৰ স্মৃতি দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। গোলাঘাট জিলাৰ ডেৰগাঁৱত থকা হেমচন্দ্ৰ বৰুৱাৰ আবক্ষ্য মূৰ্তিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি এই অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়। এই উপলক্ষে আয়োজিত অনুষ্ঠানত অসম সাহিত্য সভাৰ কেইবাগৰাকীও বিষয়ববীয়া উপস্থিত থাকে। সন্ধিয়াৰ ভাগত কমল শৰ্মা সভাগৃহত মূল স্মৃতিচাৰণ অনুষ্ঠানৰো আয়োজন কৰা হৈছে। ইপিনে, ওদালগুৰি জিলাৰ টংলা সাহিত্য সভাই আজি দিনজোৰা কাৰ্যসূচীৰে ভাষাৰ ওজাৰ স্মৃতিত শ্রদ্ধা তৰ্পন কৰে। টংলা সাহিত্য সভাৰ সভানেত্রী চন্দ্রপ্রভা দত্তই বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰা অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে হেমচন্দ্ৰ বৰুৱাৰ অসমীয়া ভাষাৰ প্ৰতি অৱদানৰ কথা শ্ৰদ্ধাৰে সোঁৱৰে। অনুষ্ঠানত অজিত কুমাৰ পাঠক আৰু টংলা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰববী অধ্যাপিকা ড০ সবিতা মজুমদাৰে অসমীয়া ভাষাৰ দুদিনত ভাষাৰ ওজাগৰাকীয়ে প্ৰতিবন্ধকতা আঁতৰাই মাতৃভাষাৰ প্ৰাণ পুনৰ প্ৰতিষ্ঠা কৰিছিল বুলি মন্তব্য কবে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত টংলা আৰু ওদালগুৰি সাহিত্য সভাৰ কেইবাগৰাকীও বিষয়ববীয়া আৰু সাহিত্যনুৰাগী ৰাইজ উপস্থিত থাকে৷ উল্লেখযোগ্য যে অসমীয়া ভাষা সাহিত্যৰ একনিষ্ঠ সেৱক হেমচন্দ্ৰ বৰুৱাৰ দ্বাৰা প্ৰণয়ন কৰা হেমকোষ অভিধান তেওঁৰ মৃত্যুৰ পাছত ১৯০০ চনত প্ৰকাশ কৰা হৈছিল। আনহাতে, তেওঁৰ জন্মদিন অর্থাৎ ১০ ডিচেম্বৰৰ দিনটো অন্ধবিশ্বাস আৰু কুসংস্কাৰ বিৰোধী দিৱস হিচাপে পালন কৰি অহা হৈছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।