ৰাজ্যৰ বিভিন্ন প্ৰান্তত লোকসংগীতৰ সাধক প্রভাত শৰ্মাৰ চতুর্থ মৃত্যু বার্ষিকী পালন

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি বিশিষ্ট বাঁহীবাদক, লোকসংগীতৰ সাধক প্রভাত শৰ্মাৰ চতুর্থ মৃত্যু বার্ষিকী পালন কৰা হৈছে। ২০২১ চনৰ ২ মাৰ্চত ৰাজ্য চৰকাৰৰ তথ্য আৰু সংযোগ বিভাগৰ প্ৰাক্তন ষ্টাফ আর্টিষ্ট প্রভাত শৰ্মাৰ মৃত্যু হৈছিল। ১৯৭৩ চনত তেওঁ আকাশবাণী গুৱাহাটী কেন্দ্ৰত যোগদান কৰি ১৯৯৮ চনত অৱসৰ গ্ৰহণ কৰিছিল। তেওঁ ব্লেকমানি, সন্তান, সন্ধ্যাৰাগ, সাৰথি, আপোনজন, অনল, কদম তলে কৃষ্ণ নাচে, শ্রীমন্ত শংকৰদেৱ আদি ছবিৰ সংগীত পৰিচালনা কৰিছিল। ইয়াৰ উপৰি প্ৰয়াত শৰ্মাই দূৰদৰ্শন কেন্দ্ৰ গুৱাহাটীৰ পথৰুঘাটে বিঙিয়ায় আৰু বৃকোদৰ বৰুৱাৰ বিয়া ধাৰাবাহিকৰ সংগীত পৰিচালনা কৰিছিল। শিল্পীগৰাকীয়ে অসমীয়া লোকসংগীতৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে ২০০৪ চনত সংগীত নাটক একাডেমী বঁটা লাভ কৰিছিল। ৰাজ্য চৰকাৰে তেওঁক ২০০১ চনত শিল্পী দিৱস বঁটাৰে সন্মানিত কৰিছিল।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।