মাঘ বিহুৰ উৰুকালৈ মাজত এটা দিন বাকী থকা অৱস্থাত ৰাজ্যৰ বিভিন্ন প্রান্তত উৰুকাৰ বাবে ব্যাপক প্রস্তুতি চলিছে। গুৱাহাটী মহানগৰীকে ধৰি বাজ্যৰ বিভিন্ন প্রান্তৰ বজাৰসমূহ বিহুৰ সামগ্ৰীৰে ভৰি পৰিছে। অসমীয়াৰ হেঁপাহৰ ভোগালী বিহুক আদৰাৰ বাবে ব্যাপক প্রস্তুতি চলি আছে। ঠায়ে ঠায়ে বিভিন্ন আর্হিৰে আটকধুনীয়া ভেলাঘৰ নির্মাণ কৰাৰ লগতে ভোগালী মেলাৰো আয়োজন কৰা হৈছে। গ্রামাঞ্চলসমূহত জীয়ৰী-বোৱাৰীয়ে ভোগালীত অতিথি আপ্যায়ণৰ বাবে পিঠা-পনা, জা-জলপান প্রস্তুত কৰিছে। চৰাইদেউ জিলাৰ সোণাৰীত কালিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অসমী ভোগালী মেলা অনুষ্ঠিত হৈছে। অসম ৰাজ্যিক গ্রামীন জীৱিকা অভিযান চৰাইদেউ জিলা শাখাৰ উদ্যোগত অনুষ্ঠিত এই ভোগালী মেলাত ২৮ টা আত্মসহায়ক গোটে অংশগ্রহণ কৰিছে।
ডিব্ৰুগড় জিলাব নাহৰকটিয়া সমষ্টিৰ নামৰূপ গাওঁ পঞ্চায়তৰ আত্মসহায়ক গোটসমূহৰ সহযোগত কালিৰে পৰা ৩ দিনীয়া কাৰ্যসূচীৰে অসমী ভোগালী মেলা অনুষ্ঠিত হৈছে।
অসম ৰাজ্যিক গ্রামীন জীৱিকা অভিযান কামৰূপ মহানগৰ জিলাৰ উদ্যোগত উজানবজাৰৰ সতী ৰাধিকা শান্তি উদ্যানতো অসমী ভোগালী মেলা অনুষ্ঠিত হৈছে। আজি সামৰণি পৰিবলগীয়া এই মেলাত মহিলাসকলে প্রস্তুত কৰা লাৰু, পিঠা, জহা চাউল, বৰা চাউলৰ লগতে বিভিন্ন থলুৱা খাদ্য উপলব্ধ হৈছে। গুৱাহাটী মহানগৰীৰ দীঘলীপুখুৰী পাৰৰ সমীপৰ লক্ষ্মীনাথ বৰা ক্ষেত্র, খানাপাৰা আদি স্থানতো ব্যক্তিগত অনুষ্ঠান-প্রতিষ্ঠানৰ উদ্যোগত ভোগালী মেলা অনুষ্ঠিত হৈছে।
ভোগালী বিহুৰ পূর্বে দৰং জিলাৰ মঙলদৈৰ জলজলি প্রাথমিক বিদ্যালয়ৰ ছাত্র-ছাত্রীসকলক বিক্রেতা ৰূপত দেখিবলৈ পোৱা গৈছে। বজাৰ সম্পর্কে ব্যৱহাৰিক জ্ঞান প্ৰদানৰ লক্ষ্যৰে ভোগালীৰ খাদ্য সম্ভাৰ লৈ ছাত্র-ছাত্রীসকলে বিপনী দিয়ে।
ভোগালী বিহুৰ প্রাকক্ষণত মাজুলীত অসমী ভোগালী মেলা ২০২৬ অনুষ্ঠিত হৈছে। টুনী নদীৰ পাৰত অনুষ্ঠিত এই মেলাৰ আজি সামবণি পৰিব। ৰাজ্যৰ আন আন প্রান্ততো ভোগালী মেলা অনুষ্ঠিত হৈছে।
শ্রম বিভাগে অন্য ৰাজ্যত কাম কৰিবলৈ যোৱা অসমৰ শ্ৰমিকসকলৰ সুৰক্ষাৰ অর্থে অচিবেই এটা প’র্টেল মুকলি কৰিব। এই প’র্টেলত বহিঃৰাজ্যলৈ যোৱা শ্রমিকসকলৰ সবিশেষ অন্তর্ভুক্ত কৰা হ’ব। শ্রম বিভাগৰ সূত্রই প্রকাশ কৰা মতে বহিঃৰাজ্যলৈ যোৱা শ্রমিকসকলে সাধাৰণতে কোনো কর্তৃপক্ষক অৱগত নকৰে আৰু বিপদত পৰিলেহে তেনে শ্রমিক পৰিয়ালবর্গই চৰকাৰী সাহাৰ্য্য বিচাৰে। এইবাবেই চৰকাৰৰ হাতত বাহিৰলৈ কাম কৰিবলৈ যোৱা শ্রমিকসকলৰ সঠিক সংখ্যা নাথাকে। এই কথা বিবেচনা কৰিয়েই শ্রম বিভাগে বহিঃৰাজ্যলৈ কাম কৰিবলৈ যোৱা শ্রমিকসকলৰ বাবে প’র্টেল মুকলি কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে। এই প’র্টেলত শ্রমিকসকলে বর্তমান থকা ঠাই, কর্মসংস্থাপন প্রদানকাৰী প্ৰতিষ্ঠানৰ সবিশেষ আদি অন্তর্ভুক্ত কৰা হ’ব। ইয়াৰ ফলত চৰকাৰে বিপদৰ সময়ত শ্রমিকসকললৈ সহায় আগবঢ়াবলৈ সমর্থ হ’ব।