ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ৰাজ্যৰ বিভিন্ন ঠাইত প্ৰণালীবদ্ধ ভোটাৰ সজাগতা কার্যসূচী আয়োজন

লোকসভা নিৰ্বাচনৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বিভিন্ন ঠাইত প্ৰণালীবদ্ধ ভোটাৰ শিক্ষা আৰু নিৰ্বাচনী অংশগ্রহণ কোষসমূহৰ উদ্যোগত ভোটাৰ সজাগতা কার্যসূচী আয়োজন কৰা হৈছে। চিৰাং জিলাৰ অধীনৰ চিডলী-চিৰাং আৰু বিজনী বিধানসভা সমষ্টিতো নির্বাচনী জিলা দুখনে এই সম্পৰ্কীয় প্ৰস্তুতি অব্যাহত ৰাখিছে। ইতিমধ্যে ভোটাৰ সজাগতাৰ লক্ষ্যৰে বিজনী সমষ্টিত শুভংকৰ মুকলি কৰাৰ লগতে নতুন ভোটাৰ অংশগ্ৰহণেৰে এখন সজাগতামূলক ফেশ্বন শ্ব’ প্রতিযোগিতাৰ আয়োজন কৰা হয়। ইয়াৰ লগতে চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত কেইবাখনো শিক্ষানুষ্ঠানত প্ৰথমবাৰৰ ভোটদাতা সকলক সজাগ আৰু সচেতন কৰাৰ উদ্দেশ্যেৰে অন্যান্য কাৰ্যসূচী হাতত লোৱা হয়।

 

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।