ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ৰাজ্যৰ বিভিন্ন ঠাইত প্রধানমন্ত্ৰীৰ মন কী বাত অনুষ্ঠানৰ পাছত বিজেপি দলীয় নেতা-কৰ্মীসকলৰ তিৰংগা যাত্ৰা

প্রধানমন্ত্ৰীৰ মন কী বাত উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন ঠাইত বুথ স্থাপন কৰি জনসাধাৰণৰ বাবে অনুষ্ঠানটো শুনাৰ ব্যৱস্থা কৰা হয়। গুৱাহাটী মহানগৰীৰ বুথসমূহতো বহু লোকে একেলগে অনুষ্ঠান শুনে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কামৰূপ মহানগৰ জিলাৰ বিমানকোঠ মণ্ডলৰ ১৩৯ নম্বৰ বুথত দলীয় নেতৃবৃন্দৰ সৈতে অনুষ্ঠানত ভাগ লয়। কেন্দ্রীয় মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই গুৱাহাটীৰ মেয়ৰ মৃগেন শৰণীয়াৰ সৈতে মহানগৰীৰ শুক্লেশ্বৰ মণ্ডলৰ অন্তৰ্গত ২৯ নম্বৰ ৱাৰ্ডৰ ১৮৩ নম্বৰ বুথত অনুষ্ঠান শুনে। মন কী বাত অনুষ্ঠানৰ পাছতে পাকিস্তানী সন্ত্ৰাসবাদৰ বিৰুদ্ধে সাহসেৰে যুঁজ দি অহা ভাৰতীয় সৈনিকসকলৰ মনোবল বৃদ্ধি কৰাৰ লগতে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ নিৰ্ণায়ক ভূমিকাক প্ৰশংসা কৰি বুথসমূহৰ পৰা তিৰংগা যাত্ৰা উলিওৱা হয়। গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধিয়ে এই যাত্ৰাত অংশ লয়। অপাৰেচন সিন্দুৰৰ জৰিয়তে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ বাবে শলাগ লৈ আজি দেশৰ বিভিন্ন প্ৰান্তত তিৰংগা যাত্ৰা উলিওৱা পৰিলক্ষিত হয়।
কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে আজি ডিব্ৰুগড় বিধানসভা সমষ্টিৰ পশ্চিম মণ্ডলৰ অন্তৰ্গত ১১২ নম্বৰ বুথত মন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু প্ৰশান্ত ফুকনৰ লগতে কেইবাজনো জ্যেষ্ঠ দলীয় কর্মকর্তা আৰু স্থানীয় ৰাইজৰ লগত একেলগে প্রধানমন্ত্ৰীৰ মন কী বাত শুনে। শ্রীসোণোৱালে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ সুগভীৰ বক্তব্যই প্ৰতিগৰাকী দেশবাসীক সমৃদ্ধ কৰি তোলা বুলি মন্তব্য কৰে। গোৱালপাৰাতো প্রধানমন্ত্ৰীৰ মন কী বাত শুনাৰ পাছত বিজেপিৰ দলীয় কৰ্মীসকলে প্ৰতিটো বুথৰ পৰা তিৰংগা যাত্ৰা উলিয়ায়। জিলাখনৰ মুঠ ৭৯টা বুথৰ পৰা এই যাত্ৰা উলিওৱা হয়।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।