ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 5, 2025 6:40 PM | Beloved Zubeen Garg

printer

ৰাজ্যৰ বিভিন্ন ঠাইত জনতাৰ শিল্পী জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ অনুষ্ঠিত হয়

ৰাজ্যৰ বিভিন্ন ঠাইত আজিও জনতাৰ শিল্পী জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ অনুষ্ঠিত কৰা হয়। ডিব্ৰুগড় জিলাৰ চৌকিদিঙি খেলপথাৰত আয়োজিত ৰাজহুৱা আদ্যশ্ৰাদ্ধত জাতি-ধৰ্ম নিৰ্বিশেষে অগণন লোকৰ সমাগম হয়। জাতীয়-জনগোষ্ঠীয় ঐক্যমঞ্চই আয়োজন কৰা প্ৰিয় শিল্পীগৰাকীৰ আদ্যশ্ৰাদ্ধ উপলক্ষে নাম প্ৰসংগ, ভাগৱত পাঠ, কোৰাণ পাঠ আদিৰ উপৰি শিল্পীগৰাকীৰ মৃত্যুৰ ন্যায় কামনা কৰি সমূহীয়া প্ৰাৰ্থনা কৰা হয় । সন্ধিয়াৰ ভাগত চৌকিদিঙি খেলপথাৰত এহেজাৰ বন্তি প্ৰজ্বলন কৰা হয়।
শিৱসাগৰ জিলাতো আজি এখন সর্বধর্মীয় প্রার্থনা সভাৰ আয়োজন কৰা হয়। শিৱসাগৰবাসীৰ উদ্যোগত নগৰৰ দৌলমুখ চাৰিআলিত অনুষ্ঠিত এই প্রার্থনাসভাত বিভিন্ন ধৰ্মৰ পুৰোহিতসকলে শিল্পীগৰাকীৰ বাবে প্ৰাৰ্থনা কৰে।

ঢেকীয়াজুলীত সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, সদৌ অসম গোর্খা ছাত্ৰ সন্থাকে ধৰি বহুকেইটা দল-সংগঠনৰ সহযোগত ছহিদ মৈদানত শিল্পীগৰাকীৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত গীতা পাঠ, সর্বধর্ম প্রার্থনা, দিহানাম আদি পৰিৱেশন কৰাৰ লগতে ভূটানৰ পৰা অহা বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলে শিল্পী জুবিন গাৰ্গৰ আত্মাৰ শান্তিৰ বাবে প্ৰাৰ্থনা কৰে। হোজাই জিলাৰ ১ নম্বৰ কাকী খেলপথাৰত আজি দিনজোৰা কাৰ্যসূচীৰে শিল্পী জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ অনুষ্ঠিত কৰা হয়। কাকী কেন্দ্ৰীয় গামখাৰু ৰঙালী বিহু উদযাপন সমিতিৰ উদ্যোগত আৰু বিভিন্ন সামাজিক, সাংস্কৃতিক অনুষ্ঠান, ছাত্র সংগঠন তথা স্থানীয় ৰাইজৰ সহযোগত এই ৰাজহুৱা আদ্যশ্ৰাদ্ধ অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানত জুবিন গাৰ্গৰ স্মৃতিত নাহৰ পুলি ৰোপণ, শিল্পীগৰাকীৰ প্ৰতিকৃতি নিৰ্মাণৰ আধাৰশিলা স্থাপনৰ লগতে নাম-প্ৰসংগ আৰু সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা অনুষ্ঠিত হয়।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।