ঐশ্বর্য বিভূতিৰ কামনাৰে আজি ৰাজ্যত ধন আৰু সৌভাগ্যৰ দেৱী শ্ৰীশ্ৰীলক্ষ্মী দেৱীৰ পূজা কৰা হৈছে। পঞ্জিকা অনুসৰি আজি নিশা ৮ বাজি ৪০ মিনিটৰ পৰা লক্ষ্মী পূর্ণিমা তিথি আৰম্ভ হৈ কাইলৈ বিয়লি ৪ বাজি ৫৫ মিনিটত সমাপ্ত হ’ব। গুৱাহাটী মহানগৰীতো বিস্তৃত কাৰ্যসূচীৰে লক্ষ্মী দেৱীৰ পূজা-অৰ্চনা কৰা হৈছে। এই উপলক্ষে বজাৰসমূহত লক্ষ্মী দেৱীৰ মূৰ্তিৰ লগতে পূজাৰ সামগ্ৰীৰে ভৰি পৰিছে। প্ৰতিবছৰৰ দৰে এইবাৰো ৰাজ্যৰ প্ৰান্তে প্রান্তে লক্ষ্মী পূজাৰ আয়োজন কৰা হৈছে। বিভিন্ন জিলাৰ লক্ষ্মী মন্দিৰসমূহত ধন আৰু ঐশ্বৰ্যৰ দেৱী লক্ষ্মী পূজাৰ আয়োজন কৰা হৈছে। ঠাই বিশেষে ৩ৰ পৰা ৭ দিনীয়া কাৰ্যসূচীৰে এই পূজাৰ আয়োজন কৰা হৈছে। পূজাৰ পৰম্পৰাগত ৰীতি-নীতিৰ লগতে বিভিন্ন প্রতিযোগিতা, নাট প্রদর্শন, মেলা আদিও অনুষ্ঠিত হ’ব। নদীদ্বীপ মাজুলীতো আজি ধন আৰু ঐশ্বৰ্যৰ দেৱী লক্ষ্মী পূজাৰ আয়োজন কৰা হৈছে। নামঘৰ, বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠান, দোকান-বজাৰ আদিত পৰম্পৰাগত ৰীতি-নীতিৰে লক্ষ্মী পূজা পালন কৰাৰ লগতে বহু ঠাইত ভাওনাও প্রদর্শন কৰা হ’ব।
Site Admin | October 16, 2024 7:12 PM | Lakhmi Puja
ৰাজ্যৰ বিভিন্ন ঠাইত ঐশ্বর্য বিভূতিৰ কামনাৰে ধন আৰু সৌভাগ্যৰ দেৱী শ্ৰীশ্ৰীলক্ষ্মী দেৱীৰ পূজাৰ আয়োজন
