ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

November 15, 2025 6:40 PM | Swine flu

printer

ৰাজ্যৰ বিভিন্ন ঠাইত আফ্রিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণ বৃদ্ধি

ৰাজ্যৰ বিভিন্ন ঠাইত আফ্রিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ ফলত হাজাৰ হাজাৰ গাহৰি নিধন কৰা হৈছে। ইয়াৰ ফলত ক্ষুদ্ৰ আৰু বৃহৎ গাহৰি পালকসকলৰ যথেষ্ট ক্ষতি হৈছে। উজনি অসমৰ বিভিন্ন জিলাত বিশেষকৈ শিৱসাগৰ, ধেমাজি, ডিব্ৰুগড় আৰু লখিমপুৰত আফ্রিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণ সর্বাধিক হোৱা বুলি আমাৰ সংবাদদাতাসকলে জনাইছে।

গোলাঘাট জিলাত আফ্রিকান ছোৱাইন ফিভাৰৰ প্রকোপ বৃদ্ধি পাইছে। ইতিমধ্যে সৰুপথাৰৰ খনিকৰ গাঁও, মৰঙি আৰু বৰহোলাত এই ৰোগৰ উপস্থিতি নিশ্চিত হৈছে। ৰোগৰ বিস্তাৰ ৰোধৰ বাবে জিলা দণ্ডাধীশে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা ২০২৩ৰ ১৬৩ নম্বৰ ধাৰা অনুসৰি কিছু নিষেধাজ্ঞা জাৰি কৰিছে। গাহৰি, গাহৰিৰ মাংস, গাহৰিৰ খাদ্য আৰু আনুসংগিক সামগ্ৰীসূহৰ ক্রয় বিক্রয় পৰিবহন জিলাখনত নিষিদ্ধ কৰা হৈছে। জনস্বাস্থ্য আৰু পশু স্বাস্থ্য সুৰক্ষাৰ স্বাৰ্থত সকলো ৰাইজক প্রশাসনে সহযোগ কৰিবলৈ আহ্বান জনাইছে।