ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

November 13, 2025 7:41 PM | Swine flu

printer

ৰাজ্যৰ বিভিন্ন ঠাইত আফ্রিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণ বৃদ্ধি

ৰাজ্যৰ বিভিন্ন ঠাইত আফ্রিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে ক্ষতিগ্ৰস্ত গাহৰি পালক সকলক ক্ষতিপূৰণ প্ৰদানৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা ১৪ কোটি টকাৰ অনুদান বিচাৰিছে। উজনি অসমৰ বিভিন্ন জিলাত বিশেষকৈ শিৱসাগৰ, ধেমাজি, ডিব্ৰুগড় আৰু লখিমপুৰত আফ্রিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণ সৰ্বাধিক হোৱা বুলি আমাৰ সংবাদদাতাসকলে জনাইছে। শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰৰ এটা দলে ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। ৰাজ্যিক পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সূত্ৰই প্ৰকাশ কৰা মতে এই জিলাসমূহত ছোৱাইন ফিভাৰৰ ফলত ৬ হাজাৰৰো অধিক গাহৰিৰ মৃত্যু হৈছে। চলিত বৰ্ষৰ আৰম্ভণিতে গাহৰি পালকসকলক অসুস্থ পশুধন আঁতৰ কৰাৰ বাবে ক্ষতিপূৰণ প্ৰদান কৰা হৈছিল, যদিও বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰৰ অনুদানৰ প্ৰয়োজন আহি পৰিছে। ইয়াৰ বাবে প্ৰায় ১৪ কোটি টকাৰ প্ৰয়োজন হ’ব বুলি পশুপালন আৰু পশু চিকিৎসা বিভাগে প্রকাশ কৰিছে।
ইপিনে আমাৰ বজালী জিলাৰ সংবাদদাতাই জনোৱা মতে জিলাখনৰ মুগুৰীয়া, মাজিওপাৰা, পাঠশালা, গোবিন্দপুৰ, জালিখাটা আদি অঞ্চলৰ বহু সংখ্যক গাহৰি আফ্ৰিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণত মৃত্যু হৈছে। বজালীৰ পশুপালন বিভাগে বটিয়া, ৰূপদিগা, ৰামৰূপ, গেৰুৱাপাৰা আদি অঞ্চলৰ দুই শতাধিক গাহৰিৰ দেহত এই ৰোগৰ সংক্ৰমণ ধৰা পেলোৱাৰ পাছত আটাইবোৰ গাহৰি নিধন কৰিছে বুলি জনাইছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।