September 1, 2025 8:01 PM | BJP Protest

printer

ৰাজ্যৰ বিভিন্ন জিলাত বিজেপিৰ কার্যকৰ্তাসকলে প্রতিবাদী কাৰ্যসূচী

কংগ্ৰেছ আৰু ইণ্ডি এলায়েন্স নেতৃত্বই প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাতৃক লক্ষ্য কৰি বিহাৰৰ নিৰ্বাচনী প্ৰচাৰ সভাত কৰা অশালীন মন্তব্যৰ বিৰুদ্ধে আজি ৰাজ্যৰ বিভিন্ন জিলাত বিজেপিৰ কার্যকৰ্তাসকলে প্রতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। লখিমপুৰ, ধেমাজি, বজালী, কাছাৰ, গোৱালপাৰা, শোণিতপুৰ, ডিব্ৰুগড় আদি জিলাৰ পৰা আমাৰ সংবাদদাতাই বিজেপি দলৰ সদস্যসকলে জিলা কংগ্ৰেছৰ কাৰ্যালয় ঘেৰাও আৰু ৰাহুল গান্ধীকে ধৰি জ্যেষ্ঠ কংগ্ৰেছ নেতাৰ পুত্তলিকা দাহৰ দৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ বিষয়ে জানিবলৈ দিছে।