ডাউনলোড
মোবাইল এপ

android apple
signal

ৰাজ্যৰ বিভিন্ন জিলাত পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা চলি আছে

ৰাজ্যত দুটা পৰ্যায়ত অনুষ্ঠিত পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা ২৭খন জিলাত একেলগে চলি আছে। আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ একাংশ পদত ইতিমধ্যে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে বিনা প্রতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে। এইবাৰ গাঁও পঞ্চায়ত সদস্যৰ বাবে কোনো দলীয় প্ৰাৰ্থী নাছিল, ৰাজনৈতিক দলৰ সলনি নিৰ্দলীয়ভাৱে প্রার্থীসকলে প্রতিদ্বন্দ্বিতা আগবঢ়ায়।

বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ত জিলাখনৰ পাঁচটা বিধানসভা সমষ্টিৰ অন্তৰ্গত পঞ্চায়তৰ ভোটগণনা চলি আছে। এই পর্যন্ত অতি কম সংখ্যক গাঁও পঞ্চায়ত আৰু আঞ্চলিক পঞ্চায়তৰ ফলাফল আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা হৈছে। আঞ্চলিক পঞ্চায়তৰ ক্ষেত্ৰত হৰিপুৰ সমষ্টিত আম আদমী পাৰ্টিৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিছে। শ্রীভূমিত অনুষ্ঠিত ভোটগণনাত বাতৰি যুগুতোৰ পৰলৈকে বিজেপি আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থীৰ মাজত তীব্ৰ যুঁজ চলিছে। মৰিগাঁও জিলাৰ চৰাইবাহী চাবুকধৰা জিলা পৰিষদৰ অন্তর্গত কপিলী আঞ্চলিক পঞ্চায়তত বিজেপি প্রার্থী আগবাঢ়ি আছে। শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিত কঠোৰ নিৰাপত্তাৰ মাজেৰে ভোটগণনা চলি আছে। শোণিতপুৰ, বৰাক উপত্যকাৰ কাছাৰ, শ্রীভূমি আৰু হাইলাকান্দি জিলাতো ভোটগণনা চলি আছে। কাছাৰত ভাৰতীয় জনতা পাৰ্টীয়ে জিলা পৰিষদ গঠনৰ দিশে আগবাঢ়িছে। আনুষ্ঠানিক ঘোষণা নকৰিলেও বাতৰি যুগুতোৱাৰ পৰলৈকে ২৩খন জিলা পৰিষদৰ ১৯খনতে বিজেপি প্রার্থীয়ে অগ্রগতি লাভ কৰিছে। কংগ্ৰেছে তিনিখন আসনত আগবাঢ়ি আছে। শিলচৰৰ ৰামনগৰৰ আই এচ বি টি আৰু আই এছ টি টিত অনুষ্ঠিত ভোটগণনা বৰষুণৰ বাবে এঘণ্টা পলমকৈ আৰম্ভ হয়।
ধেমাজি আৰু মাজুলীত ইতিমধ্যে কেইবাগৰাকীও ৱাৰ্ড সদস্যই জয়লাভ কৰিছে। মাজুলীৰ ৰাৱনপাৰা আঞ্চলিক পঞ্চায়তৰ আঞ্চলিক সদস্যৰ বিজেপি মিত্ৰজোঁটৰ পৱিত্ৰ বৰা বিজয়ী হৈছে। গড়মূৰ আঞ্চলিক পঞ্চায়ততো বিজেপিৰ প্ৰাৰ্থী ৰেখা বৰুৱা বিজয়ী হয়। ইপিনে, আহতগুৰি আঞ্চলিক পঞ্চায়তত মিত্রজোঁটে অগ্রগতি লাভ কৰাৰ লগতে মাজুলীৰ চাৰিখন জিলা পৰিষদতো মিত্ৰজোঁটৰ প্রার্থী আগবাঢ়ি আছে। হোজাই জিলাৰ সদৰ শ্ৰীমন্ত শংকৰদেৱ নগৰত কটকটীয়া নিৰাপত্তাৰ মাজেৰে ভোটগণনা অব্যাহত আছে। প্রতিকূল বতৰৰ বাবে কিছু অসুবিধাৰ সন্মুখীন হ’লেও নিয়াৰিকৈ ভোটগণনা চলি আছে। চৰাইদেউ জিলাত প্ৰথম পৰ্যায়ৰ ভোটগণনা ফলাফল অনুসৰি সোণাৰি বিধানসভা সমষ্টিৰ সোণালী গাঁও পঞ্চায়তৰ ১০টা ৱাৰ্ডতে বিজেপি প্রার্থী জয়ী হৈছে।
শিৱসাগৰ জিলাৰ তিনিটা সমষ্টি ক্ৰমে শিৱসাগৰ, ডিমৌ আৰু নাজিৰা সদৰত ভোটগণনা চলি আছে। জিলাখনত এইবাৰ মুঠ দুহেজাৰ ২৯১গৰাকী প্ৰাৰ্থী এই নিৰ্বাচনত অৱতীৰ্ণ হৈছে। বাতৰি যুগুতোৱাৰ পৰলৈকে নিৰ্বাচনী কৰ্তৃপক্ষই ১২খন জিলা পৰিষদৰ ১১খন আসনৰ প্ৰথম ৰাউণ্ডৰ ফলাফল প্রকাশ কৰিছে। প্ৰথম ৰাউণ্ডৰ অন্তত বিজেপি আৰু মিত্ৰদল অসম গণ পৰিষদৰ প্ৰাৰ্থীয়ে অগ্ৰগতি লাভ কৰিছে।

অধিক পঢ়ক

সকলো চাওক