ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 15, 2025 9:25 PM | tabacoo

printer

ৰাজ্যৰ বিভিন্ন জিলাত তৃতীয় পৰ্যায়ৰ ধঁপাতমুক্ত যুৱ অভিযান ৰূপায়ণ

ৰাষ্ট্ৰীয় ধঁপাত নিয়ন্ত্ৰণ কাৰ্যসূচীৰ অধীনত আজিৰে পৰা ৰাজ্যৰ বিভিন্ন জিলাত তৃতীয় পৰ্যায়ৰ ধঁপাতমুক্ত যুৱ অভিযান ৰূপায়ণ কৰা হৈছে। ধেমাজি জিলা ধঁপাত নিয়ন্ত্রণ কোষৰ উদ্যোগত আৰু জিলা স্বাস্থ্য কমিটিৰ সহযোগত আজি ধেমাজি স্বাস্থ্য ভৱনত এই অভিযান শুভাৰম্ভ কৰা হয়। নৱ প্ৰজন্মৰ সুস্বাস্থ্য নিশ্চিত কৰাৰ লগতে তেওঁলোকক ধঁপাতমুক্ত জীৱনশৈলী গ্রহণ কৰিবলৈ উৎসাহিত কৰাৰ বাবে ৰূপায়ণ কৰিবলৈ লোৱা এই আঁচনিৰ অধীনত অহা ৭ ডিচেম্বৰ পৰ্যন্ত বিভিন্ন সজাগতামূলক কাৰ্যসূচী লোৱা হ’ব। আজি শুভাৰম্ভ উপলক্ষে জিলাখনৰ বিভিন্ন থানাৰ আৰক্ষী বিষয়া আৰু কৰ্মীৰ উপস্থিতিত চিগাৰেট আৰু অন্যান্য ধঁপাত জাতীয় সামগ্রী আইন ২০০৩ সন্দৰ্ভত এখন কর্মশালা অনুষ্ঠিত হয়।

দক্ষিণ শালমাৰা মানকাচৰ জিলাতো আজি তৃতীয় ধঁপাতমুক্ত যুৱ অভিযান শুভাৰম্ভ কৰা হয়। জিলাখনৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ সঞ্জয় কুমাৰ চৌধুৰীয়ে এই অভিযানৰ শুভাৰম্ভ কৰে। মানকাচৰ মহাবিদ্যালয়ত এই ৬০ দিনীয়া কাৰ্যসূচীৰ শুভাৰম্ভ অনুষ্ঠানৰ পিছতে স্বাস্থ্যকৰ্মী আৰু ছাত্ৰ-ছাত্ৰীসকলক লৈ এটা সজাগতা সমদল উলিওৱা হয়।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।