ৰাজ্যৰ বিভিন্ন জিলাত ছটা জনগোষ্ঠীৰ জনজাতিকৰণক লৈ প্ৰতিবাদ অব্যাহত আছে। আজি ওদালগুৰি জিলাত কোচ-ৰাজংবশী ছাত্ৰ সন্থাই জনজাতিকৰণৰ দাবীত প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰে। তেওঁলোকে জনগোষ্ঠীটোক জনজাতিৰ মৰ্যাদা প্রদান, ঐতিহাসিক পৃথক কমতাপুৰ ৰাজ্য পুনৰগঠন, বি টি চিত কোচ-ৰাজবংশীক ভূমিৰ অধিকাৰ প্ৰদানকে ধৰি কেইবাটাও দাবী তোলে। জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সহস্রাধিক লোকে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি শীঘ্রেই জনগোষ্ঠীটোক জনজাতিকৰণৰ দাবী উত্থাপন কৰে।
টাই আহোম জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদানৰ লগতে জনগোষ্ঠীটোক স্বায়ত্ত শাসন আৰু ভূমিপট্টা প্ৰদানৰ দাবীত আজি ধেমাজিত জনগোষ্ঠীটোৰ কেইবাটাও দল-সংগঠনে প্রতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। ধেমাজি জিলাৰ কাছাৰী ময়দানত অনুষ্ঠিত এই কাৰ্যসূচীত সদৌ অসম টাই আহোম ছাত্র সন্থা, আটাছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বসন্ত গগৈ প্ৰমুখ্যে সংগঠনটোৰ কেইবাগৰাকীও সদস্যই অংশ লয়।