December 11, 2025 7:53 PM | EVM & VVPAT Examine

printer

ৰাজ্যৰ বিভিন্ন জিলাত আজিৰে পৰা ইভিএম আৰু ভিভিপেটৰ প্ৰথম পৰ্যায়ৰ পৰীক্ষণ

সমাগত বিধানসভা নির্বাচনৰ প্ৰস্তুতিৰ অংশ হিচাপে ৰাজ্যৰ বিভিন্ন জিলাত আজিৰে পৰা ইভিএম আৰু ভিভিপেটৰ প্ৰথম পৰ্যায়ৰ পৰীক্ষণ অনুষ্ঠিত হৈছে। বৰপেটা জিলাৰ সোণকুছি কলনিস্থিত গুদামঘৰত পুৱা ৯ বজাত প্ৰথম পৰ্যায়ৰ পৰীক্ষণ প্ৰক্ৰিয়া আৰম্ভ হয়। বৰপেটা জিলা নির্বাচনী বিষয়াই প্রকাশ কৰা মতে পঞ্জীয়নভুক্ত ৰাজনৈতিক দলৰ প্ৰতিনিধিসকলে এই প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰে। জিলাখনত এই পৰ্যায়ত এহেজাৰ ৪০১টা বেলট ইউনিট, এহেজাৰ ৫১৩টা কন্ট্রল ইউনিট আৰু এহেজাৰ ৫১৩টা ভিভিপেট পৰীক্ষা কৰা হ’ব।
কামৰূপ জিলা আয়ুক্ত কার্যালয় চৌহদত থকা ইভিএম গুদামঘৰত অনুষ্ঠিত প্রথম পৰ্যায়ৰ ইভিএম আৰু ভিভিপেটৰ পৰীক্ষণ প্ৰক্ৰিয়াত ভাৰতীয় ইলেকট্রনিক্স নিগম লিমিটেডৰ ১০ জন অভিযন্তাৰ লগতে স্বীকৃতিপ্রাপ্ত ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধিসকল উপস্থিত থাকে। জিলাখনত অহা ২৩ ডিচেম্বৰলৈ প্ৰথম পৰ্যায়ৰ পৰীক্ষণত এহেজাৰ ৯৪৪টা বেলট ইউনিট, দুহেজাৰ ৯৯টা কণ্ট্ৰল ইউনিট আৰু দুহেজাৰ ৯৯টা ভিভিপেটৰ পৰীক্ষা কৰা হ’ব। দৰং নির্বাচনী জিলাৰ তিনিটা বিধানসভা সমষ্টিৰ বাবেও আজি ইভিএম আৰু ভিভিপেটৰ প্ৰথম পৰ্যায়ৰ পৰীক্ষণ আৰম্ভ হৈছে। অহা ২৫ ডিচেম্বৰলৈকে চলিবলগীয়া এই পৰীক্ষণ প্ৰক্ৰিয়া ১২ জনীয়া এটা অভিযন্তাৰ দলে তদাৰক কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।