ধেমাজিত ২০০৪ চনৰ ১৫ আগষ্টত বোমা বিস্ফোৰণত প্ৰাণ হেৰুওৱা ১৩টি শিশুক স্মৰণ কৰি ৰাজ্যৰ বিভিন্ন অংশত আজি শোক দিৱস পালন কৰা হৈছে। গুৱাহাটী অৱস্থিত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ লগতে ডিব্ৰুগড়, কাৰ্বি আংলং, বৰপেটা আদি বিভিন্ন জিলাত এই শোক দিৱসৰ সৈতে সংগতি ৰাখি ভিন ভিন কাৰ্যসূচীৰ আয়োজন কৰা হয়। কাহিলীপাৰাৰ মুখ্য কাৰ্যালয়ত আয়োজিত আজিৰ শোক দিৱসৰ অনুষ্ঠানত অসম আৰক্ষীৰ সঞ্চালক প্রধান হৰমিত সিং, আৰক্ষী মহাপৰিদৰ্শক অখিলেশ সিং, বিবেকৰাজ সিং আৰু প্ৰশান্ত ভূঞাৰ লগতে আন বহুকেইগৰাকী উচ্চপদস্থ আৰক্ষী বিষয়া আৰু বিভিন্ন বৰ্গৰ কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে। এই অনুষ্ঠানতেই সমাজত শান্তি, সামাজিক শৃংখলা আৰু সকলো শ্ৰেণীৰ লোকৰ মাজত পাৰস্পৰিক বুজাবুজি বৃদ্ধিৰ হকে কাম কৰাৰ লগতে মানৱ জীৱন আৰু প্ৰমূল্যবোধৰ প্ৰতি শংকা কঢ়িয়াই অনা অশুভ শক্তিৰ বিৰুদ্ধে যুঁজ দি যাবলৈ সকলোৱে শপত গ্ৰহণ কৰে। অসম আৰক্ষীৰ প্ৰশাসন বিভাগৰ সহকাৰী আৰক্ষী মহাপৰিদৰ্শক প্ৰণজ্যোতি গোস্বামীয়ে বিষয়া-কৰ্মচাৰীসকলক শপতবাক্য পাঠ কৰোৱায় ৷
একেদৰে ডিব্ৰুগড় জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত শোকসভাত নির্বাচনী বিষয়া প্রাঞ্জিল গগৈয়ে ২০০৪ চনৰ ১৫ আগষ্টৰ বোমা বিস্ফোৰণত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি অনুষ্ঠানত উপস্থিত থকা সকলোকে হিংসা বিৰোধী শপত বাক্য পাঠ কৰোৱায় ।
কার্বি আংলঙতো বোমা বিস্ফোৰণত প্ৰাণ আহুতি দিয়াসকলক সুঁৱৰি জিলা আৰক্ষীৰ লগতে বৈঠালাংছ’ থানাৰ আৰক্ষীয়ে গভীৰ শোক প্ৰকাশ কৰে। অনুষ্ঠানত বৈঠালাংছ’ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপজ্যোতি ইংতিয়ে ১ মিনিট মৌনতা অৱলম্বন কৰি বিদেহ আত্মাৰ সদগতি কামনা কৰাৰ লগতে দেশৰ অহিংসা আৰু পৰম্পৰাৰ প্ৰতি গভীৰ আস্থা ৰাখি সকলোকে শপতবাক্য পাঠ কৰোৱায়।
এই উপলক্ষে শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগুৱে স্বাধীনতা দিৱসৰ দিনাই কৰুণভাৱে মৃত্যুক সাৱটি লোৱা শিশুকেইটিলৈ শ্রদ্ধার্ঘ্য নিবেদন কৰিছে। মন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে ধেমাজিবাসীয়ে স্বাধীনতা দিৱস উদযাপন কৰিবলৈ অহা শিশু শিক্ষার্থী, নাগৰিকৰ কৰুণ মৃত্যুত সেই বিষাদ গধুৰ স্মৃতি কেতিয়াও পাহৰিব নোৱাৰে। এই কৰুণ ঘটনাই আমাক সকলোকে সন্ত্রাসবাদৰ বিৰুদ্ধে আৰু মানৱীয় প্ৰমূল্যবোধৰ সপক্ষে ঐক্যবদ্ধভাৱে যুঁজ দিবলৈ সাহস যোগাব।
Site Admin | August 16, 2025 7:50 PM | Akashvani Guwahati | Dhemaji | dhemaji boom blast | Local news
ৰাজ্যৰ বিভিন্ন অংশত শোক দিৱস পালন
