ৰাজ্যৰ বিদ্যালয় শিক্ষা বিভাগে শৈক্ষিক বর্ষ পুনৰ জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ প্ৰৱৰ্তনৰ প্ৰস্তাৱ সন্দৰ্ভত সংশ্লিষ্ট পক্ষসমূহৰ সৈতে আনুষ্ঠানিক আলোচনা আৰম্ভ কৰিছে। ২০২১ চনত ক’ভিড মহামাৰীৰ সময়ত এপ্ৰিলৰ পৰা মাৰ্চলৈ প্ৰৱৰ্তন কৰা শৈক্ষিক বর্ষ সঘনাই বিঘ্নিত হোৱাক লৈ সৃষ্টি হোৱা উদ্বেগৰ মাজতে এই পদক্ষেপ লোৱা হৈছে। বিষয়াসকলে প্ৰকাশ কৰা মতে বিভিন্ন উৎসৱ, বান আৰু এপ্ৰিল মাহৰ প্ৰতিকুল বতৰৰ বাবে এইবাৰৰ শৈক্ষিক বৰ্ষত কেইবাখনো জিলাত শিক্ষা আৰু শিকন প্ৰক্ৰিয়া ব্যাহত হৈছে। ৰাজ্য চৰকাৰে পুৰণি শৈক্ষিক বর্ষ পুনৰ প্ৰৱৰ্তনৰ সম্ভাৱনাৰ বিষয়টো চালিজাৰি চোৱাৰ বাবে শিক্ষা বিভাগৰ অতিৰিক্ত সচিব কৃষ্ণা বৰুৱাৰ অধ্যক্ষতাত তিনিজনীয়া সমিতি গঠন কৰিছে। সমিতিখনক প্ৰস্তাৱিত সালসলনিৰ প্ৰভাৱৰ অধ্যয়নৰ লগতে সংশ্লিষ্ট পক্ষসমূহৰ সৈতে আলোচনাৰ দায়িত্ব অর্পণ কৰা হৈছে। সমিতিখনক চূড়ান্ত প্রতিবেদন দাখিলৰ পূৰ্বে ছাত্র সংগঠন, শিক্ষক সংস্থা আৰু বিদ্যালয় কর্তৃপক্ষসমূহৰ সৈতে আলোচনা কৰিবলৈ কোৱা হৈছে। ইতিমধ্যে বিদ্যালয় শিক্ষা বিভাগৰ সচিব তথা শৈক্ষিক দিনপঞ্জী পৰিৱৰ্তন সমিতিৰ অধ্যক্ষ কৃষ্ণা বৰুৱাই বিষয়টো সন্দৰ্ভত ইতিমধ্যে প্রাথমিক শিক্ষক সন্মিলনীকে ধৰি সংশ্লিষ্ট সকললৈ পৃথকে পৃথকে পত্ৰ প্ৰেৰণ কৰিছে। পত্ৰৰ জৰিয়তে তেওঁলোকক বিষয়টো সন্দৰ্ভত পৰামৰ্শ আগবঢ়াবলৈ কোৱা হৈছে।
Site Admin | November 23, 2025 11:01 AM | Higher Education
ৰাজ্যৰ বিদ্যালয় শিক্ষা বিভাগে শৈক্ষিক বর্ষ পুনৰ জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ প্ৰৱৰ্তনৰ প্ৰস্তাৱ সন্দৰ্ভত সংশ্লিষ্ট পক্ষসমূহৰ সৈতে আনুষ্ঠানিক আলোচনা আৰম্ভ কৰিছে