ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ৰাজ্যৰ বিদ্যালয়সমূহত মঙলবাৰৰ পৰা গৰম বন্ধ আৰম্ভ

■ ৰাজ্যৰ বিদ্যালয়সমূহত কালিৰেপৰা গৰম বন্ধ আৰম্ভ হৈছে। এই সময়ছোৱাত ছাত্ৰ-ছাত্ৰীসকলৰ শাৰীৰিক-মানসিক বিকাশৰ লগতে গঠনমূলক কার্যত জড়িত কৰোৱাৰ উদ্দেশ্যে শিক্ষা বিভাগ আৰু শৈক্ষিক প্রতিষ্ঠানসমূহে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে। গ্রীষ্ম বন্ধৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলাৰ সমগ্ৰ শিক্ষাৰ জিলা মিছন সমন্বয়ক দীপিকা চৌধুৰীয়ে বিদ্যালয়প্ৰধানসকললৈ এলানি নির্দেশনা জাৰি কৰিছে। নিৰ্দেশনা অনুসৰি শিক্ষাৰ্থীসকলক নিজৰ বংশৰ শিপাৰ সৈতে পৰিচয় কৰাই দিয়াৰ বাবে পিতৃৰ চাৰিটা প্ৰজন্মৰ বংশবৃক্ষ প্ৰস্তুত কৰাৰ লগতে ককা-দেউতাকৰ জীৱন বীক্ষা সন্দৰ্ভত টোকা লিখিব লাগিব। তদুপৰি ভাল অভ্যাস আৰু সদ্‌ ব্যৱহাৰক লৈ দৈনিক টোকা লিখাৰ লগতে বাতৰি কাকত পঢ়ি তাৰ আধাৰত বাতৰি বুলেটিন প্রস্তুত কৰাৰ নির্দেশো দিছে। একেটা নিৰ্দেশনাতে গ্ৰীষ্মৰ বন্ধৰ দিনকেইটাত ব্যৱহাৰিক শিক্ষা হিচাপে মাতৃ বা পৰিয়ালৰ সদস্যৰ সৈতে ৰন্ধন প্ৰণালীৰ জ্ঞান লোৱাৰ লগতে ৰন্ধন প্ৰকৰণ তথা ব্যঞ্জন বিষয়ক এখন পুস্তিকা প্রস্তুত কৰাৰ বাবেও নিৰ্দেশ দিছে।
ৰাজ্য চৰকাৰেও গ্ৰীষ্ম বন্ধ উপলক্ষে শিক্ষার্থীৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে।
বিগত বছৰবোৰৰ দৰে এই বছৰো অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে গ্রীষ্মবন্ধৰ সময়ছোৱা ছাত্ৰ-ছাত্ৰীৰ বাবে আনন্দময় কৰি তুলিবৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। এই উদ্দেশ্যে শিক্ষার্থীসকলৰ মাজত অহা ৭ জুলাইৰ পৰা ১৫ দিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ আয়োজন কৰা হৈছে। বিধানসভা সমষ্টিভিত্তিত ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীক সংগীত, নাটক, নৃত্য আৰু পোৰামাটিৰ শিল্প বিষয়ক প্রশিক্ষণ দিয়া হ’ব। এই কৰ্মশালাত অংশগ্ৰহণৰ বাবে শিক্ষার্থীসকলে নিজ নিজ জিলাৰ সাংস্কৃতিক উন্নয়ন বিষয়াৰ কাৰ্যালয়, জিলা আয়ুক্তৰ কাৰ্যালয় অথবা সম জিলা আয়ুক্তৰ কাৰ্যালয়ৰ লগত যোগাযোগ কৰিব পাৰিব।
গৰম বন্ধৰ সময়ছোৱাত শিক্ষাৰ্থীসকলৰ শাৰীৰিক-মানসিক উৎকৰ্ষ সাধনৰ বাবে বিভিন্ন বিদ্যালয় আৰু শৈক্ষিক প্ৰতিষ্ঠানসমূহেও গ্রীষ্মকালীন শিবিৰ অনুষ্ঠিত কৰিছে। কাৰ্বি আংলং জিলাৰ হাওৰাঘাট পি এম শ্ৰী ইংৰাজী মাধ্যম উচ্চ মাধ্যমিক বিদ্যালয়ত কালিৰেপৰা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত দহদিনীয়া গ্ৰীষ্মকালীন শিবিৰৰ আয়োজন কৰা হৈছে। এই শিবিৰত শিক্ষাৰ্থীসকলৰ মাজত বিভিন্ন খেল-ধেমালি, নৃত্য-গীত আৰু বাদ্যযন্ত্ৰ আদি সন্দৰ্ভত প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হৈছে। গ্রীষ্ম বন্ধ উপলক্ষে নুনমাটিৰ গুৱাহাটী ৰিফাইনেৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় কর্তৃপক্ষইও কালিৰেপৰা পাঁচদিনীয়া কাৰ্যসূচীৰে অষ্টম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত কেৰিয়াৰ সন্দৰ্ভত সচেতনতা সৃষ্টিৰ উদ্দেশ্যে বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিছে।