ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ৰাজ্যৰ বিদ্যালয়সমূহত চলিত বৰ্ষৰ নামভৰ্তিৰ ক্ষেত্ৰত UDISE সূচ্যাংক বাধ্যতামূলক নহয়

● ৰাজ্যৰ বিদ্যালয়সমূহত চলিত বৰ্ষৰ নামভৰ্তিৰ ক্ষেত্ৰত শিক্ষাৰ সংহত জিলা তথ্য ব্যৱস্থা চমুকৈ UDISE সূচ্যাংক বাধ্যতামূলক নহয় বুলি অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে জাননী জাৰি কৰিছে। জাননীত উল্লেখ থকা অনুসৰি ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰাহে শিক্ষাৰ্থীৰ পঞ্জীয়ন আৰু নামভৰ্তিৰ বাবে বিদ্যালয়সমূহৰ UDISE সূচ্যাংক বাধ্যতামূলক হ’ব। ইয়াৰ অবিহনে নৱম শ্ৰেণীৰ পঞ্জীয়ন আৰু একাদশ শ্ৰেণীৰ নামভৰ্তিত অনুমতি প্ৰদান কৰা নহ’ব।

উল্লেখযোগ্য যে শিক্ষাৰ সংহত জিলা তথ্য ব্যৱস্থাত প্ৰাক প্ৰাথমিকৰ পৰা দ্বাদশ শ্ৰেণীলৈকে আনুষ্ঠানিক শিক্ষা প্ৰদান স্বীকৃতিপ্ৰাপ্ত আৰু অস্বীকৃতিপ্ৰাপ্ত সকলো বিদ্যালয়ৰ আন্তঃগাঁথনি, শিক্ষকৰ অৰ্হতা, শিক্ষার্থীৰ নামভর্তি, আধাতে বিদ্যালয় এৰা শিক্ষাৰ্থীৰ সংখ্যা আদি তথ্য সংগ্ৰহ কৰি ৰাখে। এই ব্যৱস্থাৰ জৰিয়তে সংগ্রহ কৰা তথ্যই চৰকাৰী বিভাগসমূহক কাৰ্যসূচী আৰু মূল্যায়নৰ পৰিকল্পনা আৰু ৰূপায়ণত সহায় কৰে।